অসম

assam

By

Published : Mar 14, 2019, 9:00 PM IST

ETV Bharat / state

এইবাৰ অসমত নীৰৱ মোডী !

পঞ্জাৱ নেশ্বনেল বেংকৰ পৰা ভুৱা চেকেৰে সৰকালে 62 লাখকৈ টকা

কোন অসমৰ নীৰৱ মোডী

শিৱসাগৰ, 14 মাৰ্চ - শিৱসাগৰ জিলাৰ চেপন চকলীয়াৰ পঞ্জাৱ নেশ্বনেল বেংকৰ পৰা ভুৱা চেক যোগে স্থানীয় ব্যক্তিয়ে সৰকালে 62 লাখকৈ টকা ৷

1 নং চকলীয়া গাঁৱৰ নিবাসী ব্যক্তিগত গাড়ীচালক ফাৰুক আলিয়ে বুধবাৰে গুৱাহাটীৰ নৱৰং ৰয় মেটেল প্ৰাইভেট লিমিটেড নামৰ ব্যৱসায়ী প্ৰতিষ্ঠানে প্ৰদান কৰা দুখনকৈ চেক বেংকটোত জমা কৰে । চেক দুখন এই বেংকত জমা দি বেংকটোৰ পৰা নগদ 62 লাখ টকা লৈ যোৱাৰ উপৰিও বাকী থকা টকাখিনি অন্য এটা একাউণ্টত জমা কৰে ব্যক্তিজনে ।

কোন অসমৰ নীৰৱ মোডী

আনহাতে নৱৰং ৰয় মেটেল প্ৰাইভেট লিমিটেড নামৰ বহুজাতিক কোম্পানীটোৱে তেওঁলোকৰ একাউণ্টৰ পৰা বৃহৎ পৰিমাণৰ ধন উলিয়াই নিয়াৰ সম্ভেদ পাই স্থানীয় আৰক্ষী থানাত খবৰ দিয়ে । বৃহস্পতিবাৰে দিনৰ ভাগত গুৱাহাটীৰ পৰা অহা আৰক্ষীৰ দলটোৱে ডিব্ৰুগড় জিলাৰ সহকাৰী আৰক্ষী অধীক্ষকৰ সৈতে বেংকটোত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । উল্লেখ্য যে , বেংক কৰ্তৃপক্ষই সকলো নথিপত্ৰ পৰীক্ষা কৰাৰ পাচতো ফাৰুক আলিয়ে কিদৰে বৃহৎ সংখ্যক ধন মোকলাই নিলে সেইয়া আৰক্ষীৰ তদন্তৰ পাচতহে পোহৰলৈ আহিব । আনহাতে এই ঘটনাত বেংকৰ পৰিচালকৰ লগতে আন কৰ্মচাৰী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

ABOUT THE AUTHOR

...view details