অসম

assam

By

Published : Nov 15, 2020, 12:15 PM IST

ETV Bharat / state

এক জঘন্য ঘটনাৰ পৰা ৰক্ষা পৰিল শিৱসাগৰৰ পাঁচ শিশু

শিৱসাগৰত সভ্য সমাজক লজ্জিত কৰা ঘটনা ৷ বেজৰ পাকচক্ৰত পৰি বলি দিবলৈ যো-জা চলোৱা বুলি সন্দেহ কৰা ৫ দেৱশিশুক উদ্ধাৰ ৷ ৰাইজে ধৰি আৰক্ষীক গটালে পিতৃসহ ৩ অভিযুক্তক ৷

5 child rescued by public from human secrifice
5 child rescued by public from human secrifice

শিৱসাগৰ,15 নবেম্বৰ :শিৱসাগৰৰ ডিমৌমুখত ভয়ংকৰ ঘটনা । নিজৰ সন্তানক বলি দিবলৈ সাজু কৰাৰ অভিযোগ উঠিছে পিতৃৰ বিৰুদ্ধে ৷ ৰাইজে উদ্ধাৰ কৰিছে ৫ টা দেৱ শিশু উদ্ধাৰ কৰা হৈছে ৷ কালী পূজাৰ নিশা ১২ বজাত বলি দিবৰ বাবে সাজু কৰি থোৱা বুলি সন্দেহ ওচৰ চুবুৰীয়াৰ ৷ ৰাইজৰ তৎপৰতাত শিশু কেইটাৰ প্ৰাণ ৰক্ষা পৰে ৷ ঘটনা সন্দৰ্ভত ৰাইজে আটক কৰি আৰক্ষীক গতালে মহিলাসহ ৩ টা গৰাকীক ৷ অভিযুক্ত জমিউল হুছেইন ,চৰিফুল হুছেইন ,আয়েছা বেগম । ইয়াৰে জমিউল আৰু চৰিফুল সম্পৰ্কত ককাই-ভাই ।

শিৱসাগৰৰ বামবাৰী অঞ্চলৰ গাত কালী লম্ভা বুলি দাবী কৰা এগৰাকী মহিলা আৰু মৰাণৰ এটা বেজৰ নিৰ্দেশতেই কালী পূজাৰ নিশা ১২ বজাত বলি দিয়াৰ বাবে সাজু কৰা হৈছিল থোৱা ৫ টাকৈ দেৱ শিশুক । অঞ্চলটোৰ সচেতন ৰাইজে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ ঘটনাই সমগ্ৰ শিৱসাগৰতেই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ মাটিৰ তলৰ ধন সোণ লাভৰ লগতে পৰিয়ালটোৰ অপায়-অমংগল দূৰ কৰাৰ বাবেই বেজ আৰু ছদ্মৱেশী কালী মাই দিছিল নৰবলিৰ এই নিৰ্দেশ ৷ সেই অনুসৰিয়েই অন্ধ বিশ্বাসী হৈ অভিযুক্তই নিজ সন্তানক বলিৰ বাবে সাজু কৰিছিল বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে ।

শিৱসাগৰত নৰবলিৰ প্ৰস্তুতি-তিনি নৰাধমক আটক কৰে আৰক্ষীয়ে
সহজ ধনৰ লোভত ডিমৌ মুখৰ জমিউলৰ ঘৰত এই অকাৰ্য সাধনৰ যো-জা চলোৱা হৈছিল ৷ অৱশ্যে পূৰ্বৰে পৰা সমগ্ৰ ঘটনাৰ গতি বিধি লক্ষ্য কৰি থকা ডিমৌ মুখৰ স্থানীয় ৰাইজে তৎপৰতাৰে দেৱ শিশু কেইটাক উদ্ধাৰ কৰি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হোৱাৰ লগতে তিনি দুৰ্বৃত্তক গটাই দিয়ে শিৱসাগৰ আৰক্ষীক ৷ দুৰ্বৃত্ত তিনিটাক আটক কৰি আৰক্ষীয়ে শিৱসাগৰ সদৰ থানাত জেৰা অব্যাহত ৰাখিছে ৷ সমগ্ৰ ঘটনা সোমাই পৰিছে ৰহস্যৰ আৱৰ্তত ৷ ঘটনা সন্দৰ্ভত মত প্ৰকাশৰ পৰা বিৰত আছে আৰক্ষী ৷

ABOUT THE AUTHOR

...view details