শিৱসাগৰ, 20 নৱেম্বৰঃউজনিৰ চাৰিখন জিলাৰ পৰ্যটন কীৰ্তিচিহ্ন,ক্ৰীড়া আৰু দক্ষতা বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে ধাৰ্য কৰিছে 400 কোটি টকা ৷ শিৱসাগৰত এই কথা ঘোষণা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ ৷ শিৱসাগৰ নগৰৰ যুৱ দৌলত আজি বিশ্ব ঐতিহ্য সপ্তাহৰ সৈতে সংগতি ৰাখি এখন ৰাষ্ট্ৰীয় আলোচনা চক্ৰ উদ্বোধন কৰি মন্ত্ৰী কেশৱ মহন্তই এই ঘোষণা কৰে ৷ উজনিৰ তিনিচুকীয়া,ডিব্ৰুগড়,শিৱসাগৰ আৰু চৰাইদেও জিলাৰ পৌৰাণিক কীৰ্তিচিহ্নৰ সংৰক্ষণ,পৰ্যটনৰ অন্তঃগাঁথনি,ক্ৰীড়াৰ বিকাশৰ লগতে দক্ষতা বৃদ্ধিৰ বাবে ব্যয় কৰা হব এই ধনৰাশি ৷
উজনিৰ 4 জিলাৰ বাবে ৰাজ্য চৰকাৰৰ 400 কোটিৰ অনুদান - উজনিৰ 4 জিলাৰ বাবে ৰাজ্য চৰকাৰৰ 400 কোটিৰ অনুদান
উজনিৰ তিনিচুকীয়া,ডিব্ৰুগড়,শিৱসাগৰ আৰু চৰাইদেও জিলাৰ পৌৰাণিক কীৰ্তিচিহ্নৰ সংৰক্ষণ,পৰ্যটনৰ অন্তঃগাঁথনি,ক্ৰীড়াৰ বিকাশৰ লগতে দক্ষতা বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে ধাৰ্য কৰিছে 400 কোটি টকা ৷ শিৱসাগৰত এই কথা ঘোষণা মন্ত্ৰী কেশৱ মহন্তৰ ৷
উজনিৰ 4 জিলাৰ বাবে ৰাজ্য চৰকাৰৰ 400 কোটিৰ অনুদান
উল্লেখ্য যে, ঐতিহ্যৰ সংৰক্ষণ শীৰ্ষক বিষয়ত অনুষ্ঠিত উক্ত আলোচনা চক্ৰত ভাৰতীয় পুৰাতত্ব বিভাগৰ অৱসৰ প্ৰাপ্ত সঞ্চালক ডঃ নিজামুদ্দিন তাহেৰ,ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডঃ জাহ্নৱী গগৈ,শিক্ষাবিদ ডঃ জিতেন বৰপাত্ৰ গোহাঁই আদিকে ধৰি একাধিক বিশিষ্ট ব্যক্তিয়ে বক্তৃতা প্ৰদান কৰে ৷ লগতে উক্ত অনুষ্ঠনাত উপস্থিত থাকে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা,জিলা উপায়ুক্ত ডঃ এম এছ লক্ষ্মীপ্ৰিয়াকে ধৰি কেইবাজনো চৰকাৰী বিষয়া কৰ্মচাৰী ৷