অসম

assam

ETV Bharat / state

কাঠফুলা খাই বিষক্ৰিয়াত আক্ৰান্ত চাৰিজন

শিৱসাগৰত বিষাক্ত কাঠফুলা খাই চিকিৎসাধীন চাৰিজনকৈ লোক

By

Published : Mar 6, 2019, 1:42 PM IST

কাঠফুলা খাই বিষক্ৰিয়া

শিৱসাগৰ, 6 মাৰ্চঃ শিৱসাগৰত বিষাক্ত কাঠফুলা খাই অসুস্থচাৰিজনকৈ লোক । শিৱসাগৰৰ বকতা নেমুগুৰিৰ চিকাৰীচুক কালচাং বস্তিতসংঘটিত হয় এই ঘটনা । নৈশ আহাৰৰ লগত বাৰীৰ পৰা অনা কাঠফুলা খাই বিষক্ৰিয়াত আক্ৰান্ত হয় একেটা পৰিয়ালৰ চাৰিজনকৈ লোক ।

কাঠফুলা খাই বিষক্ৰিয়া

বিষক্ৰিয়াত আক্ৰান্ত হোৱা লোক কেইজন হৈছে দুৰ্গেশ্বৰ ভূমিজ, ভুৱন ভূমিজ, হৰেশ ভূমিজ আৰু জোনমণি ভূমিজ । কাঠফুলা খাই বমি আৰু পেটৰ বিষত আক্ৰান্ত হোৱাৰ ফলত পুৱা শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় লোককেইজনক। তৎকালীন চিকিৎসা প্ৰদানৰ পাছত বৰ্তমান লোক কেইজনৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।বৰ্তমান পৰ্যৱেক্ষণত ৰখা লোককেইজনক প্ৰয়োজন হ'লে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিব বুলি শিৱসাগৰ অসামৰিক চিকিৎসালয় সূত্ৰই জনাইছে।

ABOUT THE AUTHOR

...view details