শিৱসাগৰ, 4 জুলাই : সমগ্ৰ দেশৰ লগতে অসমতো ক্ৰমাৎ বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা ৷ শনিবাৰে শিৱসাগৰ জিলাত 4 জন লোকৰ দেহত ধৰা পৰিছে কোভিড-19ৰ উপস্থিতি ৷
উল্লেখ্য যে, আক্ৰান্ত 4 জনৰ 3 জন লোক শিৱসাগৰ নগৰৰ । আনহাতে, আন এজন লোক শিৱসাগৰ নগৰৰ সমীপৰ দৰিকা গাঁও পানীবিল নাওজানৰ নিবাসী বুলি জানিব পৰা গৈছে । জিলা স্বাস্থ্য বিভাগে সদৰি কৰা মতে, কিছুদিন পূৰ্বে চাৰিওজন লোকে গুৱাহাটীৰ পৰা আহি নিজ বাসগৃহতে কোৱাৰেণ্টাইন হৈ আছিল ৷ ইতিমধ্যে তেওঁলোকক শিৱসাগৰ চৰকাৰী চিকিৎসালয়ৰ কোভিড ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছে ।