শিৱসাগৰ,৭ জুলাইঃ ৰাজ্যজুৰি দ্ৰুত গতিত বৃদ্ধি পাইছে মহামাৰী কৰ'ণা আক্ৰান্তৰ সংখ্যা । মঙলবাৰে শিৱসাগৰৰ আমগুৰিত পুনৰ তিনি গৰাকী ব্যক্তিৰ দেহত ধৰা পৰে মহামাৰী কৰ'ণা ভাইৰাছ । কৰ'ণা আক্ৰান্ত ব্যক্তিকেইজন আমগুৰি পৌৰসভাৰ ১০ নং ৱাৰ্ডৰ বুলি জানিবলৈ দিয়ে জিলা প্ৰশাসনে । ইতিমধ্যে কৰ'ণা আক্ৰান্ত তিনিওজন ব্যক্তিক চিকিৎসাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
শিৱসাগৰৰ আমগুৰিত কৰ'ণাত আক্ৰান্ত তিনিজন - কৰ'ণা ভাইৰাছ
মঙলবাৰে শিৱসাগৰৰ আমগুৰিত তিনি গৰাকী ব্যক্তিৰ দেহত ধৰা পৰে মহামাৰী কৰ'ণা ভাইৰাছৰ অৱস্থিতি । কৰ'ণা আক্ৰান্ত ব্যক্তিকেইজন আমগুৰি পৌৰসভাৰ ১০ নং ৱাৰ্ডৰ বুলি জানিবলৈ দিয়ে জিলা প্ৰশাসনে ।
উল্লেখ্য যে, বিগত ২৪ ঘণ্টাত অসমত নতুনকৈ ৭৮৬ গৰাকী ব্যক্তিৰ দেহত ধৰা পৰে মহামাৰী কৰ'ণাৰ উপস্থিতি । কৰ'ণা আক্ৰান্ত এই ব্যক্তিসকলৰ ভিতৰত ৫৯৮ গৰাকী লোক গুৱাহাটী মহানগৰীৰ বুলি চিনাক্ত কৰা হৈছে । অসমত বৰ্তমান পৰ্যন্ত কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্য়া মুঠ ১২,৫২২ গৰাকী । তাৰ ভিতৰত ৭,৮৮২ গৰাকী ব্যক্তি আৰোগ্য হৈ উঠিছে যদিও বৰ্তমান পৰ্যন্ত ৪,৬২৩ গৰাকীৰ দেহত কৰ'ণা সক্ৰিয় হৈ আছে বুলি সদৰি কৰে স্বাস্থ্য বিভাগে । তাৰোপৰি এই ভাইৰাছ আক্ৰান্ত হৈ মৃত্যু হৈছে মুঠ ১৪ গৰাকী ব্যক্তিৰ ।
লগতে পঢ়ক : জলেশ্বৰত বানত ছিঙিল চিলাৰভিটা মথাউৰি