অসম

assam

ETV Bharat / state

চেন্নাইৰ পৰা অহা ২৬ গৰাকী লোকক কোৱাৰাণ্টাইলৈ প্ৰেৰণ

চেন্নাইৰ পৰা ৰে'ল যোগে গুৱাহাটীত শুকুৰবাৰে ঘূৰি আহে ২৬ গৰাকী অসমীয়া । অসমলৈ ঘূৰি অহা আটাইকেইজনকে বাধ্যতামূলক কোৱাৰাণ্টাইনলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে প্ৰশাসনে ।

শিৱসাগৰ
চেন্নাইৰ পৰা অহা ২৬ গৰাকী লোকক কোৱাৰাণ্টাইলৈ প্ৰেৰণ

By

Published : May 15, 2020, 7:12 PM IST

শিৱসাগৰ, ১৫ মে': শুকুৰবাৰে চেন্নাইত থকা ২৬ গৰাকী অসমীয়া ঘূৰি আহিল গৃহ জিলা যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউলৈ । চেন্নাইৰ পৰা ৰে'ল যোগে গুৱাহাটীত উপস্থিত হোৱাৰ পাছত ব্যক্তি কেইজনক বিশেষ বাছৰ জৰিয়তে শুকুৰবাৰে নিজ গৃহ জিলালৈ অনাৰ ব্যৱস্থা কৰে প্ৰশাসনৰ তৰফৰ পৰা ।

চেন্নাইৰ পৰা অহা ২৬ গৰাকী লোকক কোৱাৰাণ্টাইলৈ প্ৰেৰণ

উল্লেখ্য যে, চেন্নাইৰ পৰা অসমলৈ অহা সকলৰ ১৩ গৰাকী যোৰহাটৰ, ৯ গৰাকী শিৱসাগৰৰ আৰু ৪ গৰাকী চৰাইদেউ জিলাৰ । ২৬ জনৰ ভিতৰত এগৰাকী মহিলা আৰু এটি শিশুও আছে । গোটেই কেইজনকে বাধ্যতামূলক কোৱাৰাণ্টাইনলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে প্ৰশাসনে ।

চেন্নাইৰ পৰা অহা ২৬ গৰাকী লোকক কোৱাৰাণ্টাইলৈ প্ৰেৰণ

ABOUT THE AUTHOR

...view details