অসম

assam

ETV Bharat / state

21 তম এছিয়ান মাষ্টাৰ চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিব দুই অসম সন্তানে - শিৱসাগৰৰ উদীয়মান এথলেটিক অনন্ত ৰাজকোঁৱৰ লগতে নাজিৰাৰ মন্দিৰা গগৈ

21 তম এছিয়ান মাষ্টাৰ চেম্পিয়নশ্বিপলৈ ভাৰতীয় দলৰ বাবে নিৰ্বাচিত হৈছে শিৱসাগৰৰ প্ৰতিভাৱান খেলুৱৈ অনন্ত ৰাজকোঁৱৰৰ লগতে নাজিৰাৰ মন্দিৰা গগৈ ৷ ডিচেম্বৰ মাহত অংশ গ্ৰহণ কৰিব এই প্ৰতিযোগিতাত ৷

21 তম এছিয়ান মাষ্টাৰ চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিব দুই অসম সন্তানে
21 তম এছিয়ান মাষ্টাৰ চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিব দুই অসম সন্তানে

By

Published : Nov 28, 2019, 7:37 PM IST

শিৱসাগৰ, 28 নৱেম্বৰ: অসমৰ ক্ৰীড়াজগতৰ বাবে সুখবৰ । আগন্তুক 21 তম এছিয়ান মাষ্টাৰ চেম্পিয়নশ্বিপত ভাৰতৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াব শিৱসাগৰৰ উদীয়মান এথলেটিক অনন্ত ৰাজকোঁৱৰ লগতে নাজিৰাৰ মন্দিৰা গগৈয়ে ৷ অহা ডিচেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া 21 তম এছিয়ান মাষ্টাৰ চেম্পিয়নশ্বিপ 2019 লৈ নিৰ্বাচিত হৈছে ৰাজকোঁৱৰৰ লগতে মন্দিৰা গগৈ । 2 ৰ পৰা 7 ডিচেম্বৰলৈ মালয়েছিয়াৰ চাৰাউৱাত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা ৷

এই প্ৰতিযোগিতাৰ বাবে ইতিমধ্যে কঠোৰ অনুশীলন অব্যাহত ৰাখিছে 45 বছৰীয়া খেলুৱৈগৰাকীয়ে ৷ অহা 30 নৱেম্বৰত গুৱাহাটী পৰা মালেছিয়ালৈ ৰাওনা হ'ব ৰাজকোঁৱৰ ।

অনন্ত ৰাজকোঁৱৰ

23 বছৰ ধৰি সক্ৰিয়ভাৱে ক্ৰীড়াৰ লগত জড়িত হৈ থকা উদীয়মান খেলুৱৈগৰাকীয়ে শিৱসাগৰত এখন উন্নত মানৰ খেলপথাৰৰ অভাৱ অনুভৱ কৰাৰ লগতে চৰকাৰে এই দিশটোত শীঘ্ৰ গুৰুত্ব আৰোপ কৰা উচিত বুলি মন্তব্য কৰে । কিন্তু অতি পৰিতাপৰ বিষয় এই যে, ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ যোৱা এই খেলুৱৈগৰাকীয়ে এতিয়া লৈ লাভ কৰা নাই কোনো ধৰণৰ চৰকাৰী সাহায্য ৷ যাৰ বাবে নিজৰ ঘাঠিৰ ধন ভাঙি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ওলাইছে খেলুৱৈগৰাকীয়ে ৷

এছিয়ান মাষ্টাৰ চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিব দুই অসম সন্তানে

উল্লেখ যে, অনন্ত ৰাজকোঁৱৰে ইয়াৰ পূৰ্বে দুইবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় যোগাসনত অংশগ্ৰহণ কৰিছে । বর্তমান জিলা ক্ৰীড়া কার্যালয়ত যোগ প্ৰশিক্ষক হিচাপে কৰ্মৰত ৰাজকোঁৱৰ । স্বর্গীয় জিতেন ৰাজকোঁৱৰ আৰু লক্ষ্মী ৰাজকোঁৱৰৰ পুত্ৰ হৈছে অনন্ত ৰাজকোঁৱৰ ।

লগতে চাওক-বিধ্বংসী গৰাখহনীয়াৰ কৱলত বিজনীৰ শ-শ গাওঁ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details