অসম

assam

ETV Bharat / state

COVID-19 বিদ্যালয়ৰ পৰীক্ষাৰ আগদিনাই ২১ গৰাকী শিক্ষাৰ্থী আক্ৰান্ত - স্বাস্থ্যবিভাগ

ক’ভিড পৰীক্ষা চলি থকাৰ মাজতে শিৱসাগৰৰ একেখন বিদ্যালয়ৰ ২১ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ দেহত ধৰা পেলোৱা হৈছে ক’ভিডৰ উপস্থিতি । এদিনৰ পিছতেই ছমহীয়া পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা থকা বিদ্যালয়খনৰ কৰ্তৃপক্ষ এতিয়া বিমোৰত পৰিছে ।

21-one-students-of-a-school-in-sivsagar-is-found-covid-infected
COVID-19 বিদ্যালয়ৰ পৰীক্ষাৰ আগদিনাই ২১ গৰাকী শিক্ষাৰ্থী আক্ৰান্ত

By

Published : Nov 12, 2021, 5:18 PM IST

আমগুৰি,১২ নৱেম্বৰ : দীঘলীয়া সময়ৰ পিছত সমগ্ৰ ৰাজ্যতে শিক্ষানুষ্ঠান সমূহ খুলি দিয়াৰ পিছতে আন এক সমস্যাই জোকাৰি গৈছে এই শিক্ষানুষ্ঠান সমূহ ৷ ৰাজ্যৰ আন প্ৰান্তৰ দৰেই এতিয়া শিৱসাগৰ জিলাৰ শিক্ষানুষ্ঠান সমূহতো ক’ভিডৰ ভয়াবহ সংক্ৰমণ পোহৰলৈ আহিছে । ক’ভিড পৰীক্ষা চলি থকাৰ মাজতে একেখন বিদ্যালয়ৰ ২১ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ দেহত ধৰা পেলোৱা হৈছে ক’ভিডৰ উপস্থিতি । শিৱসাগৰ জিলাৰ নামতিৰ দিকচু অঞ্চলৰ দিকচু উচ্চ মাধ্যমিক বিদ্যালয়ত বৃহস্পতিবাৰে 2 গৰাকীকৈ শিক্ষকৰ দেহত ধৰা পৰিছিল ক’ভিডৰ সংক্ৰমণ ।

COVID-19 বিদ্যালয়ৰ পৰীক্ষাৰ আগদিনাই ২১ গৰাকী শিক্ষাৰ্থী আক্ৰান্ত

এনে চিন্তাজনক পৰিবেশৰ বাবে শুকুৰবাৰে বিদ্যালয়খনত ক’ভিড পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছিল । কালুগাঁও উপস্বাস্থ্য কেন্দ্ৰৰ দ্বাৰা শুকুৰবাৰে বিদ্যালয়খনত দশম শ্ৰেণীৰ 92 গৰাকী ছাত্ৰ-ছাত্ৰীৰ ক’ভিড পৰীক্ষা চলোৱা হৈছে । ইতিমধ্যে 40 গৰাকী ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছতেই ২১ গৰাকী ছাত্র ছাত্ৰীৰ দেহত ক’ভিডৰ সংক্ৰমণ ধৰা পৰিছে । বৃহস্পতিবাৰে বিদ্যালয়খন স্বাস্থ্য বিভাগৰ দ্বাৰা চেনিটাইজ কৰা হৈছিল আৰু তাৰ পাছতেই ২১ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী তথা শিক্ষকৰ দেহত ক’ভিড সংক্ৰমণ হোৱাৰ পাছত বিদ্যালয়খনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

নামতিৰ আন কেইবাখনো বিদ্যালয়তো ছাত্ৰ-ছাত্ৰীৰ দেহত ক’ভিড সংক্ৰমণ হোৱা বুলি তথ্য পোৱা গৈছে ।

বিদ্যালয়খনত এদিনৰ পিছতেই ছমহীয়া পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও এনে ভয়াবহ পৰিস্থিতিত বিদ্যালয় কৰ্তৃপক্ষ এতিয়া বিমোৰত পৰিছে । ক’ভিড সংক্ৰমণৰ এই সংখ্যা বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে । প্ৰায় দুটাকৈ বছৰ ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষাবৰ্ষ অপচয় হোৱাৰ পাছত পুনৰ ক’ভিডৰ দ্ৰুত সংক্ৰমনে অভিভাৱক তথা শিক্ষক সমাজক এতিয়া চিন্তিত কৰিছে ৷
লগতে পঢ়ক :এইবাৰ নাঙল এৰি চাফাই কৰ্মীৰ ৰূপত বিধায়ক অখিল গগৈ

ABOUT THE AUTHOR

...view details