অসম

assam

ETV Bharat / state

শিৱসাগৰত উদযাপন মণিৰাম দেৱানৰ ১৬২ সংখ্যক মৃত্যু দিৱস - শিৱসাগৰ জিলা চেম্বাৰচ অৱ কমাৰ্চ

শিৱসাগৰত উদযাপন কৰা হ'ল ১৬২ সংখ্যক মৃত্যু দিৱস ৷ চেম্বাৰচ অৱ কমাৰ্চে মৃত্যু দিৱসৰ লগত সংগতি ৰাখি উদযাপন কৰিছে উদ্যমিতা দিৱস ৷

162 maniram dewan Entrepreneurship day celebrate at sivsagar
শিৱসাগৰত উদযাপন মণিৰাম দেৱানৰ ১৬২ সংখ্যক মৃত্যু দিৱস

By

Published : Feb 26, 2020, 11:09 PM IST

শিৱসাগৰ, 26 জানুৱাৰী : শিৱসাগৰত শ্বহীদ মণিৰাম দেৱানৰ ১৬২ সংখ্যক মৃত্যু দিৱস উদযাপন ৷ ১৮৫৮ চনৰ আজিৰ দিনটোতে অসমৰ স্বাধীনতা আন্দোলনৰ যুঁজাৰু মণিৰাম দেৱানক ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কোম্পানীৰ শাসন ওফৰোৱাৰ ষড়যন্ত্ৰত ফাঁচী দিছিল । তেখেতৰ মৃত্যু দিনত শিৱসাগৰ নগৰৰ যুৱদলত চেম্বাৰচ অৱ কমাৰ্চে উদযাপন কৰিছে উদ্যমিতা দিৱস । অসমৰ প্ৰথম গৰাকী পঞ্জীকৃত ব্যৱসায়ী মণিৰাম দেৱান বহু ব্যৱসায়ৰ বাটকটীয়া আছিল । বৃটিছ কোম্পানীৰ চিৰস্তাদাৰ, বেলি মাৰ যোৱা আহোম শাসনৰ বৰভাণ্ডাৰ, আছাম টি কোম্পানীৰ দেৱান আদি বহু গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰা মণিৰাম দেৱান কেৱল অসমৰ ৰাজনৈতিক অৱস্থাৰ এজন পুৰুধা ব্যক্তি নাছিল । মণিৰাম দেৱান আছিল প্ৰথম অসমীয়া পঞ্জীকৃত ব্যৱসায়ী ।

শিৱসাগৰত উদযাপন মণিৰাম দেৱানৰ ১৬২ সংখ্যক মৃত্যু দিৱস

এইগৰাকী উদ্যোগী লোকক সোঁৱৰণ কৰি চেম্বাৰচ অৱ কমাৰ্চৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত শিৱসাগৰ জিলা চেম্বাৰচ অৱ কমাৰ্চে দিন যোৰা কাৰ্যসূচীৰে উদ্যোমিতা দিৱস অনুষ্ঠিত কৰে । বিভিন্ন অনুষ্ঠানৰ মাজেৰে আয়োজন কৰা এই দিৱসত উদ্যোগ আৰু ব্যৱসায় সন্দৰ্ভত এক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয় । অনুষ্ঠানত বক্তব্য ৰাখে ড৹ সৌমাৰজ্যোতি মহন্ত আৰু ড৹ সব্যসাচী মহন্তই । অনুষ্ঠানত উপস্থিত থাকে মণিৰাম দেৱানৰ পৰিনাতী শংকৰ বৰুৱা, শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাকে ধৰি বহু বিশিষ্ট ব্যক্তি ৷ আনহাতে মণিৰাম দেৱানৰ পৰিনাতী শংকৰ বৰুৱাই তেওঁৰ পূৰ্বপুৰুষ মণিৰাম দেৱানৰ ত্যাগ আৰু কৰ্মৰ প্ৰকৃত মূল্যায়ণ আৰু স্বীকৃতি এতিয়াও লাভ কৰা নাই বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

আৰু পঢ়ক :শিৱসাগৰত আটাছুৰ CAA বিৰোধী "গণ অৱস্থান"

ABOUT THE AUTHOR

...view details