অসম

assam

ETV Bharat / state

শিৱসাগৰত পুনৰ ক’ৰণাতংকঃএকেটা পৰিয়ালৰ 14 জন আক্ৰান্ত

শিৱসাগৰৰ কনক নগৰৰ এজন চিকিৎসকৰ দেহত ক’ভিড 19ৰ অৱস্থিতি ধৰা পৰাৰ পাছতেই ৰেপিড টেষ্টত পৰিয়ালৰ 14 জনৰ দেহত ধৰা পৰিল ক’ভিড 19ৰ অৱস্থিতি ৷ মঙলবাৰলৈকে খোলা থকা পৰিয়ালটোৰ মালিকানাধীন কেডিয়া ফাৰ্মাচীক লৈ অঞ্চলজুৰি আতংক ৷

community spread of covid 19 in sivasagar
community spread of covid 19 in sivasagar

By

Published : Aug 13, 2020, 7:35 AM IST

শিৱসাগৰ , 13 আগষ্টঃ ৰাজ্যৰ প্ৰায়সমূহ প্ৰান্ততে দেখা পোৱা গৈছে ক’ভিড-19ৰ গণ সংক্ৰমণৰ লক্ষণ ৷ শিৱসাগৰৰ কনক নগৰৰ এজন প্ৰখ্যাত চিকিৎসকৰ তথা তেখেতৰ পৰিয়ালৰ সদস্য সকলৰ দেহত ক’ভিড-19 পজিটিভ পোৱাৰ পাছতেই সম্প্ৰতি আতংকিত হৈ পৰিছে অঞ্চলবাসী ৷ প্ৰাপ্ত তথ্য মতে, চিকিৎসক অংকুশ কেডিয়াৰ দেহত ক’ভিড-19ৰ অৱস্থিতি নিশ্চিত হোৱাৰ পাছতেই চিকিৎসকজনৰ পৰিয়ালৰ লোকসকলক টেষ্ট ৰেপিড কৰা হৈছিল ৷ গুৰুত্বপূৰ্ণ যে , ৰেপিড টেষ্টৰ ফলাফলত ক’ৰণা ভাইৰাছৰ অৱস্থিতি পোৱা যায় কোনো ভ্ৰমণ বৃত্তান্ত নথকা পৰিয়ালটোৰ 14 জন সদস্যৰ দেহত ৷

শিৱসাগৰত ভ্ৰমণ বৃত্তান্ত নথকা 14 জনৰ দেহত ক’ভিড 19

ইফালে চহৰৰ ষ্টেচন চাৰিআলিত থকা পৰিয়ালটোৰ মালিকনাধীন কেডিয়া ফাৰ্মাচী মঙলবাৰলৈকে খোলা থকা বিষয়টোৱে চিন্তিত কৰি তুলিছে শিৱসাগৰবাসীক ৷ ফাৰ্মাচীখনৰ পৰা গণ সংক্ৰমণৰ আশংকা কৰি শংকিত হৈ পৰিছে জিলাবাসী ৷

লগতে পঢ়কঃবিধানসভাত 100 শতাংশ সংৰক্ষণে বিপদত পেলাব কাক ?

ABOUT THE AUTHOR

...view details