অসম

assam

ETV Bharat / state

১০৮ এম্বুলেঞ্চ সেৱাৰ কৰ্মচাৰীৰ প্ৰতিবাদ

শিৱসাগৰত দৰমহা সময়মতে আদায় দিয়াৰ দাবীত 108 সেৱাৰ কৰ্মচাৰীৰ ক'লা বেজ পৰিধান কৰি ধৰ্ণা কাৰ্যসূচী ৷ ঈদৰ আগত মাহেকীয়া দৰমহা প্ৰদান নকৰাৰ বাবে ধৰ্ম নিৰ্বিশেষে ১০৮ এম্বুলেঞ্চৰ কৰ্মচাৰী সকল ক্ষোভিত হৈ তৎকালীনভাৱে দৰমহা মুকলি কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷

108_ Worker_ PROTEST
১০৮ এম্বুলেঞ্চ সেৱাৰ কৰ্মচাৰীৰ প্ৰতিবাদ

By

Published : May 14, 2021, 6:53 PM IST

Updated : May 14, 2021, 10:19 PM IST

শিৱসাগৰ, 14 মে’: জৰুৰীকালীন চিকিৎসা সেৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ১০৮ এম্বুলেন্সৰ কৰ্মচাৰী সকলে । কিন্তু এই সকল ক’ভিড যোদ্ধাই নিৰ্দিষ্ট কোম্পানীৰ হেমাহিৰ বাবেই সময়মতে লাভ নকৰে দৰমহা ।

ইয়াৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে শিৱসাগৰতো 108 এম্বুলেঞ্চ সেৱাৰ কৰ্মচাৰী সকলে দৰমহা সময়মতে আদায় দিয়াৰ দাবীত ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে । কৰ্তব্য সম্পাদন কৰাৰ মাজতে নিদিষ্ট দূৰত্ব বজাই ৰাখি শিৱসাগৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ চৌহদৰ সমীপত ক'লা বেজ পৰিধান কৰি কৰ্মচাৰী সকলে সময়মতে দৰমহা আদায় দিয়াৰ দাবী উত্থাপন কৰে ।

১০৮ এম্বুলেঞ্চ সেৱাৰ কৰ্মচাৰীৰ প্ৰতিবাদ

দৰমহা সময়মতে আদায় নিদিয়াৰ ফলত প্ৰতিমাহে গুৰুতৰ সমস্যাৰ সন্মুখীন হৈ অহা বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে 108 সেৱাৰ কৰ্মচাৰী সকলে । আজি পৱিত্ৰ ঈদ-উল-ফিটৰৰ দিনা এনে প্ৰতিবাদে বিশেষ তাৎপৰ্য বহন কৰিছে ।

উল্লেখযোগ্য যে, ঈদৰ আগত মাহেকীয়া দৰমহা প্ৰদান নকৰাৰ বাবেও ১০৮ এম্বুলেঞ্চৰ কৰ্মচাৰী সকল ক্ষোভিত হৈ তৎকালীন ভাৱে দৰমহা মুকলি কৰাৰ দাবী উত্থাপন কৰিছে সংশ্লিষ্ট কৰ্তৃপক্ষক ৷

মৰিগাঁৱত 108 এম্বুলেঞ্চৰ কৰ্মচাৰীৰ প্ৰতিবাদ

ইফালে, শুকুৰবাৰৰ দিনটোত 108 ৰ কৰ্মচাৰী সকলে ৰাজ্যৰ ভিন ভিন প্ৰান্তৰ লগতে কৰিমগঞ্জ আৰু মৰিগাঁৱতো একেই দাবীত সাব্যস্ত কৰে প্ৰতিবাদ ৷

কৰিমগঞ্জত 108 এম্বুলেঞ্চৰ কৰ্মচাৰীৰ প্ৰতিবাদ

লগতে পঢ়ক :'ফ'ৰ গুড ডেইজ' সন্দৰ্ভত গ্লেন ক্লোজ আৰু মিলা কুনিছৰ প্ৰতিক্ৰিয়া

Last Updated : May 14, 2021, 10:19 PM IST

ABOUT THE AUTHOR

...view details