অসম

assam

ETV Bharat / state

১০৩ বছৰীয়া মুক্তি যুঁজাৰুৰ জন্মদিন উদযাপন - 103 th birthday of a freedom fighter

দেশমাতৃক ৰক্ষাৰ বাবে সংগ্ৰাম কৰা শিৱসাগৰৰ হাঁহচৰা জাটিপতীয়া গাঁৱৰ নিৱাসী মুক্তি যুঁজাৰু ফুল চন্দ্ৰ গগৈয়ে গৰকিলে জীৱনৰ ১০৩টা বসন্ত (103 th birthday of a freedom fighter) । সবিশেষ জানো আহক ৷

103 years old birthday celebration of freedom fighter
১০৩ বছৰীয়া মুক্তি যুঁজাৰুৰ জন্মদিন উদযাপন

By

Published : Apr 3, 2022, 8:48 PM IST

শিৱসাগৰ,০৩ এপ্ৰিল:দেশ স্বাধীন কৰিবলৈ বহুজনে কৰিছিল বহু ত্যাগ । বহুজনে বলিদান দিছিল প্ৰাণ । বৰ্তমানো দেশমাতৃক ৰক্ষাৰ উদ্দেশ্যে ওলাই অহা বহু লোক আমাৰ মাজত আছে । তেনে এজন মুক্তিযুঁজাৰু হৈছে শিৱসাগৰৰ হাঁহচৰা জাটিপতীয়া গাঁৱৰ নিৱাসী ফুল চন্দ্ৰ গগৈ ।

১০৩ বছৰীয়া মুক্তি যুঁজাৰুৰ জন্মদিন উদযাপন

এইগৰাকী ফুল চন্দ্ৰ গগৈয়ে গৰকিলে জীৱনৰ ১০৩টা বসন্ত (103 th birthday of freedom fighter Phul chanda Gogoi ) । স্বাধীনতা সংগ্ৰামৰ বহু ছবি আজিও তেওঁৰ দুচকুত জীৱন্ত । দেওবাৰে মুক্তি যুঁজাৰু ফুল চন্দ্ৰ গগৈৰ ১০৩ সংখ্যক জন্মদিন উদযাপন কৰা হয় । অসম ৰাজ্য়িক মুক্তি যুঁজাৰু সন্মিলৰ কাৰ্যকৰ্তা উপস্থিত হৈ শুভেচ্ছা জ্ঞাপন কৰে বৰ্ষীয়ান মুক্তি যুঁজাৰুগৰাকীক ।

উল্লেখ্য যে দেশৰ স্বাদীনতা সংগ্ৰামত জঁপিয়াই দুবাৰকৈ ফাতেক খাতিছিল গগৈয়ে । সত্যাগ্ৰহ আন্দোলনৰ সময়ত জাতিৰ পিতা মহাত্মা গান্ধী আৰু বিমলা প্ৰসাদ চলিহাৰ সান্নিদ্যও লাভ কৰিছিল ।

১৯২০ চনতে জন্মগ্ৰহণ কৰা ফুল চন্দ্ৰ গগৈ পাঁচ পুত্ৰ আৰু চাৰিগৰাকী কন্যা সন্তানৰ পিতৃ . ১০৩ বছৰীয়া জন্মদিনটো সুস্থ ককা । কাণেৰে কমকৈ শুনে যদিও দৃষ্টি শক্তি স্বাভাৱিক হৈ থকা ককাক শুভেচ্ছা দিবলৈ তেঁওৰ বাসগৃত ভিৰ কৰেহি বহুজনে ।

লগতে পঢ়ক:ডিব্ৰুগড়ত অসম ভিত্তিত মৃদঙীয়া গায়ন-বায়নৰ ৰাজ্যিক অভিৱৰ্তন

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details