অসম

assam

ETV Bharat / state

নিশা প্ৰতিবাদত উত্তাল নামতি বিদ্যুৎ উপকেন্দ্ৰ আৰু নামতি থানা

প্ৰতিবাদস্থলীত নাজিৰা ৰাজহ চক্ৰ বিষয়া আৰু অতিৰিক্ত আৰক্ষীৰ অধীক্ষক উপস্থিত হৈ ঘটনাৰ তৎকালীন তদন্ত কৰি দোষীক শাস্তিৰ ব্যৱস্থা কৰিব বুলি প্ৰকাশ কৰাত সাময়িকভাৱে প্ৰতিবাদকাৰী সকলে প্ৰতিবাদ উঠায় লয় ।

নিশা প্ৰতিবাদত উত্তাল নামতি বিদ্যুৎ উপকেন্দ্ৰ আৰু নামতি থানা

By

Published : Jun 23, 2019, 10:59 AM IST

Updated : Jun 23, 2019, 1:21 PM IST

আমগুৰি, ২৩ জুন:শনিবাৰে নিশা নামতিত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় । শতাধিক প্ৰতিবাদকাৰীয়ে নামতি বিদ্যুৎ উপকেন্দ্ৰ আৰু নামতি থানা ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ।

নামতি বিদ্যুৎ উপকেন্দ্ৰ আৰু নামতি থানা ঘেৰাও শতাধিক প্ৰতিবাদকাৰীৰ

নামতি বিদ্যুৎ উপকেন্দ্ৰৰ অস্থায়ী কৰ্মচাৰী দিগন্ত বৰাৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱাক কেন্দ্ৰ কৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে । শুকুৰবাৰে নামতি ষ্টেচনৰ সমীপত বৈদ্যুতিক খুটাত উঠি বিদ্যু্ৎ ব্যৱস্থা মেৰামতি কৰি থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ যুৱক জনৰ মৃত্যু হৈছিল । ৰাইজৰ অভিযোগ অনুসৰি বিদ্যুৎ উপকেন্দ্ৰৰ কৰ্মচাৰীৰ ভুলৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হৈছিল ।

ইয়াৰ পাচতেই উত্তেজিত হৈ পৰে স্থানীয় লোকসকল । ক্ষোভিত লোকসকলে 'শক্তি বিভাগ মুৰ্দাবাদ' ,'অসম পুলিচ হায়-হায়' , 'এ এচ ই বি মুৰ্দাবাদ' , 'আমাক ন্যায় লাগিবই' আদি বিভিন্ন শ্লগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তুলে । ইয়াৰোপৰিও প্ৰতিবাদকাৰীসকলে দিগন্ত বৰাৰ মৃতদেহটো বিদ্যুৎ উপকেন্দ্ৰৰ কাৰ্যালয়ৰ ভিতৰত ৰাখি ২০ লাখ টকা ক্ষতিপূৰণ আৰু দোষীক তৎকালীনভাৱে নিলম্বন কৰাৰ দাবী উত্থাপন কৰে । পৰৱৰ্তী সময়ত প্ৰতিবাদস্থলীত নাজিৰা ৰাজহ চক্ৰ বিষয়া আৰু অতিৰিক্ত আৰক্ষীৰ অধীক্ষক উপস্থিত হৈ ঘটনাৰ তৎকালীন তদন্ত কৰি দোষীক শাস্তিৰ ব্যৱস্থা কৰিব বুলি প্ৰকাশ কৰাত সাময়িকভাৱে প্ৰতিবাদকাৰী সকলে প্ৰতিবাদ উঠায় লয় ।

Last Updated : Jun 23, 2019, 1:21 PM IST

ABOUT THE AUTHOR

...view details