বৰভাগৰ যুগুৰকুছিত হত্যাকাণ্ড নলবাৰী, ১৬ ছেপ্টেম্বৰ: নলবাৰী জিলাৰ বৰভাগত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা । দলৱদ্ধভাৱে হত্যা কৰি জংঘলত পুতি থলে যুৱকক । জিলাখনৰ বৰভাগৰ যুগুৰকুছিত নিজৰ খুড়াকে আন কেইবাজনো লোকৰে মিলি এজন যুৱকক বৰ্বৰভাৱে হত্যা কৰি পুতি থয় জংঘলৰ মাজত । যুগুৰকুছিৰ চকলাপাৰ চুবুৰীত সংঘটিত হয় এই নাৰকীয় কাণ্ড ।
যুগুৰকুছিৰ দিলীপ দাসৰ ৩০ বছৰীয়া পুত্ৰ ৰাহুল দাসক নিজ খুড়াক পংকজ দাসে গাঁৱৰে কেইবাজনো লোকৰ লগত মিলি হত্যা কৰি পুতি থৈছিল জংঘলত । সুৰাৰ ৰাগীত মাতাল হৈ পংকজ দাসে দলৱদ্ধভাৱে ৰাহুলক আক্ৰমণ কৰি হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ । উল্লেখযোগ্য যে নিজ গৃহতে শুক্ৰবাৰে নিশা এই দলৱদ্ধ আক্ৰমণৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। অভিযোগমতে হত্যা কৰি বাৰীৰ পিছফালৰ জংঘলৰ মাজত পুতি থোৱা হৈছিল ৰাহুলক । কালিৰে পৰা নিখোঁজ হৈ আছিল ৰাহুল ।
লগতে পঢ়ক:Kaziranga Orchid Park: কাজিৰঙাৰ অৰ্কিড পাৰ্ক উচ্ছেদৰ দাবীৰে মুখ্যমন্ত্রীলৈ পত্র বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ; অখিল গগৈক ভণ্ড আখ্যা
আজি সমগ্ৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে বৰভাগ যুগুৰকুছিত । পৰৱৰ্তী সময়ত ঘটনাস্থলীত দণ্ডাধীশ আৰু নলবাৰী আৰক্ষী উপস্থিত হৈ অভিযুক্ত কেইটাক লগত লৈ উদ্ধাৰ কৰে ৰাহুল দাসৰ মৃতদেহ । আৰক্ষীয়ে অভিযুক্ত খুড়াক পংকজ দাসসহ তিনিজনক গ্ৰেপ্তাৰ কৰি নলবাৰী আৰক্ষী থানালৈ লৈ যায় । ধৃত অভিযুক্ত খুড়াক পংকজ দাসসহ একেই গাঁৱৰে সীমান্ত দাস, সঞ্জু ওৰফে সঞ্জয় দাসক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । উল্লেখযোগ্য যে উক্ত ঘটনাৰে চুবুৰীটোৰ আৰু বহু যুৱক জড়িত থকাৰ কথা স্বীকাৰ কৰে ধৃত যুৱককেইটাই । বৰ্তমানো জানিব পৰা হোৱা নাই হত্যাকাণ্ডৰ মূল কাৰণ । বৰ্তমান সমগ্ৰ ঘটনাক লৈ নলবাৰী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।
লগতে পঢ়ক:Joint meeting of BJP AGP UPPL Spokespersons : বড়োলেণ্ড অতিথিশালাত বিজেপি, অগপ আৰু ইউ পি পি এল দলৰ মুখপাত্রসকলৰ যৌথ সভা