অসম

assam

ETV Bharat / state

নলবাৰীত যুৱ কংগ্ৰেছৰ শংখধ্বনি কাৰ্যসূচী - শংখধ্বনি কাৰ্যসূচী

বুধবাৰে নলবাৰীত নলবাৰী জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হয় শঙ্খধ্বনি শীৰ্ষক এক কাৰ্যসূচী ৷ য'ত উপস্থিত থাকে সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সম্পাদক তথা অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ তত্বাবধায়ক অজয় চিকাৰাকে ধৰি, যুৱ কংগ্ৰেছৰ কেইবাগৰাকীও নেতা আৰু 5 শতাধিক সদস্য ৷

শংখধ্বনি কাৰ্যসূচী
শংখধ্বনি কাৰ্যসূচী

By

Published : Aug 19, 2020, 6:21 PM IST

নলবাৰী, 19 আগষ্ট:বুধবাৰে নলবাৰী জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হয় শঙ্খধ্বনি শীৰ্ষক এক কাৰ্যসূচী ৷ কংগ্ৰেছৰ সভাপতি সত্যেন দাসৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত অনুষ্ঠানত উপস্থিত থাকে সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সম্পাদক তথা অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ তত্বাবধায়ক অজয় চিকাৰা, প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ সভাপতি ৰাতুল পাটোৱাৰী, নলবাৰী জিলা যুৱ কংগ্ৰেছৰ তত্বাবধায়ক আজাদ হুছেইন, প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক নাচিৰ উদ্দিন আহমেদ, নলবাৰী জিলা কংগ্ৰেছৰ উপ সভানেত্ৰী অঞ্জু কলিতাৰ লগতে নলবাৰী জিলাৰ তিনিওটা সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতিসকল আৰু প্ৰায় ৫ শতাধিক যুৱ কংগ্ৰেছৰ কৰ্মী ৷

নলবাৰীত যুৱ কংগ্ৰেছৰ শংখধ্বনি কাৰ্যসূচী

অনুষ্ঠানৰ শেষত প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি, বৃক্ষৰোপন কাৰ্যসূচীৰ লগতে গছপুলি বিতৰণ কৰে দলীয় কৰ্মী সকলৰ মাজত ৷ আনহাতে অনুষ্ঠানত উপস্থিত থকা সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি অজয় চিকাৰাই বিজেপি কাম-কাজক কঠোৰভাৱে সমালোচনা কৰি, যুৱ কংগ্ৰেছে সমাগত নিৰ্বাচনত অসমৰ জনতাৰ কণ্ঠ হিচাপে কাম কৰিব বুলি উল্লেখ কৰে ৷ লাগিলে সেই কৰ্তব্য সম্পাদনত যিমানেই কষ্ট নহওক কিয় যুৱ কংগ্ৰেছে সেই কাম সম্পাদন কৰিবই ৷ ইয়াৰ বাবে ইতিমধ্যে সংগঠনটোৰ বিস্তাৰৰ বাবে নতুন নতুন লোকক সংগঠনটোত জড়িত কৰিবলৈয়ো পৰামৰ্শ প্ৰদান কৰা হৈছে বুলি সংবাদ মাধ্যমযোগে উল্লেখ কৰে, সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি অজয় চিকাৰাই ৷

লগতে পঢ়ক:থলুৱা নাপিত, কাঠমিস্ত্ৰীক সঁজুলি প্ৰদান বিধায়ক মৃণাল শইকীয়াৰ

ABOUT THE AUTHOR

...view details