নলবাৰী, 24 ডিচেম্বৰ : অসম সাহিত্য সভাৰ তিনিটাকৈ পদৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ ভোট গণনা কৰা হ’ল শনিবাৰে ৷ নলবাৰী জিলা গ্ৰন্থাগাৰৰ সভাকক্ষত নখনকৈ টেবুলত অৱসৰী বিচাৰপতি হৰেন্দ্ৰনাথ বৰাৰ নেতৃত্বত আৰম্ভ হোৱা ভোট গণনা প্ৰক্ৰিয়াত সভাপতি পদত জয়ী হ'ল ড৹ সূৰ্যকান্ত হাজৰিকা(Writer Surjya Kanta Hazarika), উপ-সভাপতি পদত গিৰিশ সন্দিকৈ আৰু প্ৰধান সম্পাদকৰ পদত জয়লাভ কৰে উপেন্দ্ৰজিৎ শৰ্মাই ৷
সভাপতি পদত জয়ী হোৱা ড৹ সূৰ্যকান্ত হাজৰিকাই লাভ কৰে মুঠ ৩৩৫ টা ভোট ৷ উল্লেখ্য যে, অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি পদৰ নিৰ্বাচনত ৬ গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছিল ৷ আনহাতে উপ-সভাপতি পদত শেষ হাঁহি মাৰিলে গিৰীশ সন্দিকৈয়ে ৷ গিৰীশ সন্দিকৈয়ে লাভ কৰে মুঠ ৩৪৩ টা ভোট ৷ আনহাতে প্ৰধান সম্পাদকৰ পদত জয়লাভ কৰে উপেন্দ্ৰজিৎ শৰ্মাই ৷ উপেন্দ্ৰজিৎ শৰ্মাই লাভ কৰে মুঠ ৩১৬ টা ভোট (Asam Sahitya Sabha result)৷
উল্লেখ্য যে, ২০২৩-২৫ বৰ্ষৰ বাবে নিৰ্বাচিত হ'বলগা সাহিত্য সভাৰ সমিতিখনৰ বাবে সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদক পদৰ বাবে অনুষ্ঠিত হৈছিল নিৰ্বাচন । উক্ত নিৰ্বাচনৰ সভাপতি পদত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল য়েছে দৰছি ঠংচি(Writer Yeshe Dorjee Thongchi), ড৹ সূৰ্য হাজৰিকা, নাহেন্দ্ৰ পাদুন, প্ৰহ্লাদ চন্দ্ৰ তাছা, জগদীশ পাটগিৰি আৰু ৰোমান শৰ্মাই । উপ-সভাপতি পদত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ধীৰেন শৰ্মা, গিৰীশ সন্দিকৈ, বসন্ত কুমাৰ শৰ্মা, পবিত্ৰ বৰবৰা আৰু গোবিন্দ তালুকদাৰে ।
আনহাতে প্ৰধান সম্পাদকৰ পদত ড৹ উপেন্দ্ৰজিৎ শৰ্মা, যাদৱ চন্দ্ৰ শৰ্মা, অনুপ কুমাৰ বৰঠাকুৰ, দেৱজিৎ বৰা আৰু ৰমানন্দ বৰাই আগবঢ়াইছিল প্ৰতিদ্বন্দিতা । উল্লেখ্য যে মুঠ ৭৪৮ টা শাখাৰ ৭৩৪ টা ভোটে নিৰ্ধাৰণ কৰিছিল জাতীয় অনুষ্ঠানটোৰ এই নিৰ্বাচনী প্ৰক্ৰিয়া ৷