নলবাৰী, 19 অক্টোবৰ :অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত স্বজন তোষণ হোৱাৰ অভিযোগত সোমবাৰে ১৫ নং দিহজাৰী গাঁও পঞ্চায়তৰ স্থানীয় মহিলাই বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ সচেতন মহিলা মঞ্চৰ সভানেত্রী অৰ্পনা কলিতা, সম্পাদিকা দিপ্তী বৰ্মন ডেকা, কুসুম বৈশ্য, দ্ৰৌপদী ডেকাৰ নেতৃত্বত এক প্ৰতিবাদী সমদল উলিয়াই অৰুণোদয় আঁচনিত হোৱা স্বজন তোষণ, প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি বিজেপি নেতা কৰ্মীক বাচনি কৰাৰ অভিযোগ তুলি চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।
নলবাৰীত উন্নয়ন খণ্ডৰ কাৰ্যালয় ঘেৰাও সচেতন মহিলা মঞ্চৰ - নলবাৰী
প্ৰতিবাদী মহিলাসকলে হিতাধিকাৰীৰ তালিকাৰ পৰা অযোগ্যসকলৰ নাম কৰ্তন কৰি যোগ্যসকলক অৰ্ন্তভূক্ত কৰি গাওঁ পঞ্চায়তৰ জড়িয়তে তালিকা প্ৰস্তুত কৰা, গাওঁ সভাপাতি তালিকাৰ হিতাধিকাৰীৰ নাম ঘোষণা কৰা, অৰুণোদয় আঁচনিত ৰাজনীতিকৰণ আৰু সম্প্ৰদায়িকতা বন্ধ কৰাৰ দাবীত বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ খণ্ড বিষয়াক এখন স্মাৰক পত্র প্ৰেৰণ কৰে ।
নলবাৰীত উন্নয়ন খণ্ডৰ কাৰ্যালয় ঘেৰাও সচেতন মহিলা মঞ্চৰ
প্ৰতিবাদী মহিলাসকলে হিতাধীকাৰীৰ তালিকাৰ পৰা অযোগ্যসকলৰ নাম কৰ্তন কৰি যোগ্যসকলক অৰ্ন্তভূক্ত কৰি গাওঁ পঞ্চায়তৰ জড়িয়তে তালিকা প্ৰস্তুত কৰা, গাওঁ সভাপাতি তালিকাৰ হিতাধিকাৰীৰ নাম ঘোষণা কৰা, অৰুণোদয় আঁচনিত ৰাজনীতিকৰণ আৰু সম্প্ৰদায়িকতা বন্ধ কৰাৰ দাবীত বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ খণ্ড বিষয়াক এখন স্মাৰক পত্র প্ৰেৰণ কৰে । অৱশ্য খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা আঁতৰি থাকে ৷
লগতে পঢ়ক: বকোত পথ দুৰ্ঘটনাত নিহত তিনিজন