নলবাৰী,২৮ জুলাই: ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ(75th years of Independence of India) হোৱা উপলক্ষে 'আজাদী কা অমৃত উৎসৱ'(Azadi Ka Amrit Mahotsav)ৰ লগত সঙ্গতি ৰাখি দেশত চলি থকা 'ঘৰে-ঘৰে ত্ৰিৰংগা’ অভিযানে (Har Ghar Tiranga Abhiyan) অসমতো এক গতি লাভ কৰিছে(Har Ghar Tiranga Programme in Nalbari) । ৰাজ্যৰ অন্যান্য জিলাৰ দৰে নলবাৰীতো মহিলাসকল ব্যস্ত হৈ পৰিছে ত্ৰিৰংগা প্ৰস্তুত কৰাত(Har Ghar Tiranga mission preparation in Nalbari) । নলবাৰীৰ কৈঠালকুছিত মুকলি কৰা হ'ল ত্ৰিৰংগা পতাকা বিক্ৰী কেন্দ্ৰ মুকলি ।
নলবাৰীত এজাক মহিলা ব্যস্ত হৈ পৰিছে দেশৰ স্বাভিমান জাতীয় পতাকা প্ৰস্তুত কৰাত । অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান(Assam State Rural Livelihood Mission) মধুপুৰ উন্নয়ন খণ্ডৰ উদ্যোগত আৰু মা মণ্ডল পৰ্যায় সংগঠনৰ সহযোগত প্ৰায় ১০ গৰাকী মহিলাই জাতীয় পতাকা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে । ১২ হাজাৰ পতাকা প্ৰস্তুতৰ লক্ষ্য বান্ধি লৈছে এইসকল মহিলাই ।