অসম

assam

ETV Bharat / state

নলবাৰীত সৰ্পৰ দংশনত প্ৰাণ হেৰুৱালে মহিলাই - Poisonous snake

শোকাৱহ ৷ ঘৰত শুই থকা অৱস্থাতে বিষাক্ত সৰ্প দংশন এগৰাকী মহিলাক (Woman died of snake bite)। GMCHত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় মহিলাগৰাকীৰ ।

Woman dies of snake bite in Nalbari
Woman dies of snake bite in Nalbari

By

Published : Aug 22, 2022, 11:05 PM IST

নলবাৰী, ২২ আগষ্ট: নলবাৰীৰ বৰভাগত শোকাৱহ ঘটনা । সৰ্প দংশনত মৃত্যু এগৰাকী মহিলাৰ (Woman died of snake bite)। বৰভাগৰ মৌৰাত সংঘটিত হৈছে এই ঘটনা । মৃত মহিলাগৰাকীৰ নাম মাকনি কলিতা । জানিব পৰা মতে, বৃহস্পতিবাৰে দুপৰীয়া বিছনাত শুই থকা অৱস্থাতে বিষাক্ত সৰ্পই দংশন কৰিছিল মাকনি কলিতা নামৰ মহিলাগৰাকীক (Women bitten by Poisonous snake)।

নলবাৰীত সৰ্পৰ দংশনত প্ৰাণ হেৰুৱালে মহিলাই

পিছত পৰিয়ালৰলোকে ততাতৈয়াকৈ নলবাৰী চিভিল হাস্পতালত ভৰ্তি কৰাইছিল যদিও স্বাস্থ্যৰ অৱস্থা শোচনীয় হোৱাত চিকিৎসকে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে । গুৱাহাটী মেডিকেল কলেজ হাস্পতালত বিগত তিনিদিন ধৰি চিকিৎসাধীন হৈ আছিল মহিলাগৰাকী ৷ কিন্তু আজি মহিলাগৰাকী স্বাস্থ্যৰ অধিক অৱনতি হোৱাত অৱশেষত মৃত্যুক সাৱটি ল’বলগীয়া হয় ।

আনহাতে, মহিলাগৰাকীৰ নশ্বৰ দেহ দাহনৰ পৰিৱৰ্তে পৰিয়ালৰলোকে উটুৱাই দিব ব্ৰহ্মপুত্ৰ নদীত । পৰম্পৰা আৰু লোকবিশ্বাস অনুসৰি পৰিয়ালৰলোকে মুকালমুৱাত ব্ৰহ্মপুত্ৰ নদীৰ কাপলাবড়ী ঘাটত কলৰ ভূৰ সাঁজি উটুৱাই দিব মহিলাগৰাকীৰ নশ্বৰ দেহ।

লগতে পঢ়ক:ডিঙিত জীৱন্ত সাপ ওলমাই বীৰকুছিৰ ৰাজপথত ধনে

ABOUT THE AUTHOR

...view details