নলবাৰী, 19 নবেম্বৰ : কৃষি আইন (Farmers biil) বাতিল সম্পৰ্কত আছু(AASU)ৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ প্ৰতিক্ৰিয়া । শুকুৰবাৰে নলবাৰীত উপস্থিত হৈ শংকৰজ্যোতি বৰুৱাই মন্তব্য কৰিলে যে, প্ৰথমবাৰৰ বাবে নতশিৰ হৈছে কেন্দ্ৰত বহি থকা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰ । কৃষকৰ বদ্ধপৰিকৰ আন্দোলনত বশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য হ’ল মোদী চৰকাৰ ।
কৃষক আন্দোলনত জড়িত কৃষকৰ লগতে সমগ্ৰ গণতন্ত্ৰকামী দেশবাসীৰ বাবে এয়া এক ঐতিহাসিক বিজয় বুলিও মন্তব্য কৰে শংকৰজ্যোতি বৰুৱাই । আজিৰ দিনটোত ভাৰতৰ গণতন্ত্ৰৰ জয় হ’ল বুলি মন্তব্য কৰে তেওঁ ৷ কা’ আন্দোলন সন্দৰ্ভতো মন্তব্য কৰি শংকৰজ্যোতি বৰুৱাই কয়, '' কা' আন্দোলন নেৰানেপেৰাকৈ চলি থাকিলে আমি ন্যায় পালোহেঁতেন । কিন্তু কৰ’ণাৰ বাবে আৰু চৰকাৰৰ কৌশলী স্থিতিৰ বাবে এই কা আন্দোলনৰ স্থিতি কিছু স্তিমিত হৈছিল । আমি কা আন্দোলন পুনৰ আৰম্ভ কৰিব লাগিব ৷''