নলবাৰী, 26 এপ্ৰিল :১৯৬৩ চনৰ ২ অক্টোবৰত পাঠশালা নগৰৰ হৰিমন্দিৰ প্ৰাংগণত 'ভোগজৰা' নাটকেৰে অস্থায়ী প্ৰেক্ষাগৃহত প্ৰথমবাৰৰ বাবে ভ্ৰাম্যমাণৰ নাটক মঞ্চস্থ কৰা হৈছিল । বিগত বছৰ সমূহত হাঁহি-ধেমালি বিভিন্ন অভিনয়েৰে ৰাইজৰ মন জয় কৰি অহা ভ্ৰাম্যমান থিয়েটাৰ লাহে লাহে হেৰাই যোৱাৰ পথত ৷ মহামাৰী কৰ’ণাৰ মহাপ্ৰলয়ত উটি-ভাহি যোৱাৰ উপক্ৰম হৈছে সাতাম পুৰুষীয়া নাট্যদলসমূহ ।
ক্ৰমাৎ হেৰাই যোৱাৰ পথত অসমৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ভ্ৰাম্যমান থিয়েটাৰ গোষ্ঠী ৷ বিপদত এতিয়া শিল্পীসমাজ ৷ মহামাৰী কৰ’ণাৰ বাবে অসমৰ ৰাইজৰ স্বাৰ্থত বন্ধ হৈ থকা ভ্ৰাম্যমাণ থিয়েটাৰ আৰু কেতিয়া ঘুৰি আহিব তাক লৈও প্ৰশ্ন কৰিছে সচেতন ৰাইজে । একাংশ প্ৰযোজকে ভ্ৰাম্যমাণ থিয়েটাৰৰ পেণ্ডেলৰ ঠাইত বিবাহ ভৱন নিৰ্মাণ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ।
এই দুৰৱস্থা অসমৰ আগশাৰীৰ নাট্যদল ভাগ্যদেৱী থিয়েটাৰৰ । এসময়ত বিভিন্ন ৰুচি সম্পন্ন নাট মঞ্চস্থ কৰি ৰাইজক আমোদ আৰু মনোৰঞ্জন দিবলৈ সক্ষম হোৱা ভাগ্যদেৱী থিয়েটাৰৰ এই দৃশ্যই হতাশ কৰি তুলিছে নলবাৰীৰ লগতে অসমৰ নাট্যপ্ৰেমী ৰাইজক । আনহাতে, চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সাহায্য নোপোৱাত দুখ প্ৰকাশ কৰিছে থিয়েটাৰৰ প্ৰযোজক আৰু শিল্পী সমাজে ।