অসম

assam

ETV Bharat / state

হুইল চেয়াৰেই সংগী অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ সতীৰ্থ থানেশ্বৰ সাউদৰ - ক্ৰীড়া পেঞ্চন

এসময়ৰ অৰ্জুন বটাঁ বিজয়ী ভোগেশ্বৰ বৰুৱাৰ এইগৰাকী সতীৰ্থৰ এতিয়া হুইল চেয়াৰেই সংগী ৷ তেওঁ হৈছে নলবাৰী জিলাৰ পানীগাঁও নিবাসী বিশিষ্ট শিক্ষাবিদ তথা আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ থানেশ্বৰ সাউদ ৷ এই ক্ৰীড়াবিদ গৰাকীয়ে ক্ৰীড়া পেঞ্চনৰ বাবে আবেদন নিবেদন কৰিও আজি পৰ্যন্ত নাপালে ক্ৰীড়া পেঞ্চনটো ৷

Thaneswar Saud
থানেশ্বৰ সাউদ

By

Published : Sep 3, 2021, 7:33 PM IST

নলবাৰী, 3 ছেপ্টেম্বৰ : তিনি ছেপ্টেম্বৰ, অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্ম দিনটো সমগ্ৰ ৰাজ্যতে অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় ৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে এই দিনটো ক্ৰীড়া দিৱস হিচাপে ঘোষণা কৰিছে ৷ অভিৰুচি ক্ৰীড়া দিৱসত আমি ক’বলৈ লৈছোঁ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ এগৰাকী সতীৰ্থৰ জীৱন কাহিনী ৷

এসময়ৰ অৰ্জুন বটাঁ বিজয়ী ভোগেশ্বৰ বৰুৱাৰ এইগৰাকী সতীৰ্থৰ এতিয়া হুইল চেয়াৰেই সংগী ৷ তেওঁ হৈছে নলবাৰী জিলাৰ পানীগাঁও নিবাসী বিশিষ্ট শিক্ষাবিদ তথা আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ থানেশ্বৰ সাউদ ৷ ১৯৬১ চনত প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপে সুদীৰ্ঘ ২৮ বছৰ শিক্ষকতা কৰি ১৯৯৮ চনত মিলন হাইস্কুল পানীগাঁৱৰ পৰা অৱসৰ গ্ৰহণ কৰে থানেশ্বৰ সাউদে ৷

হুইল চিয়াৰেই সংগী অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ সতীৰ্থ থানেশ্বৰ সাউদৰ

লগতে পঢ়ক :নলবাৰীতো উদযাপন অভিৰুচি ক্ৰীড়া দিৱসৰ কাৰ্যসূচী

১৯৯৪ ৰ পৰা সদৌ অসম প্ৰবীন এথলেটিক সংস্থাৰ সৈতে জড়িত হৈ পৰে থানেশ্বৰ সাউদ ৷ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত মাস্টাৰ এথলেটিকচত অংশ গ্ৰহণ কৰি বহুকেইটা সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল এই গৰাকী প্ৰবীন ক্ৰীড়াবিদ ৷ ২০০৬ চনত অনুষ্ঠিত হোৱা মাস্টাৰ্চ এথলেটিকচ প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰাৰ লগতে উক্ত বৰ্ষতে বাংগালুৰুত অনুষ্ঠিত চতুৰ্দশ এছিয়া মহাদেশ মাষ্টৰ্চ এথলেটিকচত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি দীঘল জাম্পত শীৰ্ষ চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক :শিৱসাগৰত অভিৰুচি ক্ৰীড়া দিৱস পালন

৮৪ বছৰ গৰকা থানেশ্বৰ সাউদ দুবছৰ পূৰ্বে হঠাৎ অসুস্থ হৈ পৰাৰ পিছত এতিয়া তেওঁৰ হুইল চেয়াৰ খনেই একমাত্ৰ সংগী হৈ পৰিছে ৷ কিন্তু অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ একালৰ সংগী থানেশ্বৰ সাউদৰ আজি পৰ্যন্ত এবাৰো খবৰ নল’লে স্থানীয় বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ আনকি এই ক্ৰীড়াবিদ গৰাকীয়ে ক্ৰীড়া পেঞ্চনৰ বাবে আবেদন নিবেদন কৰিও আজি পৰ্যন্ত নাপালে ক্ৰীড়া পেঞ্চনটো ৷ চৰকাৰৰ এনে অৱহেলাৰ বাবে বাৰুকৈয়ে ভাগি পৰিছে তেওঁ ৷

চৰকাৰে ৰাজ্যৰ খেলুৱৈসকলক বিশেষভাৱে সন্মানিত কৰাৰ লগতে সাহায্য আগবঢ়োৱাৰ বাবে ইতিমধ্যে ঘোষণা কৰিছে ৷ অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে শুকুৰবাৰে 99 গৰাকী প্ৰৱীন খেলুৱৈক চৰকাৰে শিল্পী পেঞ্চন আগবঢ়াইছে ৷ কিন্তু থানেশ্বৰ সাউদৰ দৰে ক্ৰীড়াবিদলৈ চকু পৰিবনে চৰকাৰৰ ? নে এইদৰেই অতীতৰ স্মৃতিকে সাৰথি কৰি জীৱনৰ শেষ সময় পাৰ কৰিব লাগিব তেওঁলোকে ৷ এই প্ৰশ্নৰ উত্তৰ কেৱল চৰকাৰৰ হাতত ৷

লগতে পঢ়ক :অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে মহানগৰীত চাইকেল ৰেলী

ABOUT THE AUTHOR

...view details