নলবাৰী, 21 নৱেম্বৰঃ" মহাভাৰত ৰণত পাণ্ডৱৰ পাঁচজনে যিদৰে কৌৰৱৰ বিৰুদ্ধে জয়ী হৈছিল ৷ ঠিক একদৰে আমিও জয়ী হ'ম ৷ কাৰণ তেওঁলোক ধৰ্মৰ পক্ষত আছিল ! আমিও ধৰ্মত আছো "-এই মন্তব্য মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৷
ব্যস্ততাপূৰ্ণ ৰাজনৈতিক জীৱনৰ পৰা সময় উলিয়াই বুধবাৰে নলবাৰীত ৰাস মহোৎসৱ উপভোগ কৰিলে বিৰোধী দলপতি দেবব্ৰত শইকীয়া, মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু প্ৰাক্তন বিধায়ক আবু তাহেৰ বেপাৰীয়ে ৷ ৰাস মহোৎসৱত নেতা কেইগৰাকীৰ লগতে উপস্থিত থাকে কংগ্ৰেছৰ অনান্য দলীয় কৰ্মী ৷
লগতে পঢ়কঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যত জোঁৰ সমদল
ৰাস মহোৎসৱত উপস্থিত থাকি মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দলীয় বিসম্বাদ সন্দৰ্ভত মন্তব্য কৰে ৷ তেওঁ কয় যে, মহাভাৰতৰ ৰণত পাণ্ডৱৰ পাঁচজনে যিদৰে কৌৰৱৰ বিৰুদ্ধে জয়ী হৈছিল ৷ ঠিক একদৰে আমিও জয়ী হ'ম ৷ কাৰণ তেওঁলোক ধৰ্মত আছিল ! আমিও ধৰ্মত আছো ৷ আগন্তুক দিনবোৰত দলীয় বিসম্বাদ সমূহ সমাপ্ত কৰি একলগে কংগ্ৰেছ দলক আগুৱাই লৈ যোৱাৰ চেষ্টা চলোৱা হ'ব বুলিও মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷ কেৱ সন্দৰ্ভত ৰূপজ্যোতি কুৰ্মীয়ে কয় যে, আগন্তুক বিধানসভাৰ শীতকালীন অধিৱেশনত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদী সাব্যস্ত কৰিব কংগ্ৰেছ দলে ৷
নলবাৰী ৰাস মহোৎসৱত দেবব্ৰত শইকীয়া ইপিনে, ৰাস মহোৎসৱত উপস্থিত থাকি দলীয় বিসম্বাদ সন্দৰ্ভত কোনোধৰণৰ মন্তব্য প্ৰদানৰ পৰা বিৰত থাকে অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াই ৷