অসম

assam

ETV Bharat / state

টিহুত ভগ্ন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ - টিহু

টিহুত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ভগ্ন মথাউৰি পৰিদৰ্শন কৰি বুজ ল'লে গৰাখহনীয়া পৰিস্থিতিৰ ৷

টিহুত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত

By

Published : Jul 1, 2019, 8:43 PM IST

নলবাৰী, 1 জুলাই : টিহুত উপস্থিত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত ৷ টিহুৰ শিয়ালমাৰী, উত্তৰ বালিত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰিলে ভগ্ন মথাউৰি আৰু গৰাখহনীয়াৰ পৰিস্থিতি ৷ লগতে অঞ্চলটোৰ ৰাইজক গৰাখহনীয়াৰ স্থায়ী সমাধানৰ আশ্বাসো প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে । পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীক সংগ দিয়ে স্থানীয় বিধায়ক মনেশ্বৰ ব্ৰহ্ম আৰু নলবাৰীৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে ৷ ইপিনে ১৮ কোটি টকা ব্যয় সাপেক্ষে চাৰি বছৰ পূৰ্বে আৰম্ভ কৰা মথাউৰি মেৰামতিৰ কাম সম্পূৰ্ণ নোহোৱা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে দোষ থেলিলে পূৰ্বৰ চৰকাৰলৈ ৷ সেয়া কংগ্ৰেছৰ দিনতেই কৰা কাম, তেনে কাম বহুত আছে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

টিহুত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত

ইফালে টিহুৰ মহাজন চুবুৰীত মৰা পাগলদিয়া নৈয়ে মথাউৰি চিঙি নিয়াত আলৈ আথনি নোহোৱা হৈছে বানপীড়িত ৰাইজৰ । ফলত কলৰ ভূৰত পাৰ হওতেই মহিলাসহ কেইবাগৰাকীও পৰিল নৈৰ পানীত ৷

ABOUT THE AUTHOR

...view details