অসম

assam

Villagers Protest: নলবাৰীৰ ১০ খনকৈ গাঁও বাক্সা জিলাত অন্তৰ্ভুক্ত কৰাক লৈ তীব্ৰ প্ৰতিবাদ

By

Published : Jan 3, 2023, 8:23 PM IST

নলবাৰী জিলাৰ পৰা কৰ্তন কৰি দহখনকৈ গাঁ‌ও বাক্সা জিলাত অন্তৰ্ভূক্ত কৰাৰ চৰকাৰী নিৰ্দেশনা লাভ কৰাৰ পাছতেই ক্ষোভিত হৈ পৰিছে গাঁও কেইখনৰ ৰাইজ(10 villages each in Nalbari are included in Baksa) । মঙলবাৰে আছুৰ উদ্যোগত নলবাৰীৰ আল্লিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ প্ৰতিমূৰ্ত্তি দাহ কৰি ক্ষোভিত ৰাইজে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।

Villagers protest for changing district in Nalbari
নলবাৰী জিলাৰ পৰা দহখনকৈ গাঁও কৰ্তন কৰাক লৈ তীব্ৰ প্ৰতিবাদ

নলবাৰী জিলাৰ পৰা দহখনকৈ গাঁও কৰ্তন কৰাক লৈ তীব্ৰ প্ৰতিবাদ

নলবাৰী,৩ জানুৱাৰী:"গাদীৰ পৰা নামি আহক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ! কাক সুধি আমাক বাক্সা জিলাত কৰা হ'ল অন্তৰ্ভূক্ত ?" ক্ষোভিত ৰাইজৰ প্ৰশ্ন মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক । নলবাৰীৰ পৰা কৰ্তন হোৱা দহখনকৈ গাঁৱৰ ৰাইজ ক্ষোভিত হৈ মঙলবাৰে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ(Villagers protest for changing district in Nalbari) । ক্ষোভিত ৰাইজে এইদৰেই প্ৰশ্ন কৰে মুখ্যমন্ত্ৰী তথা চৰকাৰক ।

ভোটৰ ৰাজনীতি কৰি নলবাৰী জিলাৰ পৰা কৰ্তন কৰি বাক্সা জিলাত অন্তৰ্ভূক্ত কৰা হ'ব দহখনকৈ গাঁ‌ও(10 villages each in Nalbari are included in Baksa) । চৰকাৰৰ নিৰ্দেশনাৰ পিছতে ক্ষোভিত হৈ পৰিছে ৰাইজ । আল্লিয়াত আছুৰ উদ্যোগত ৰাইজে দাহ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ প্ৰতিমূৰ্ত্তি(Effigy Burnt Of CM and Jayanta Malla Baruah) । ৰাজ্য চৰকাৰৰ এক নিৰ্দেশনা অনুসৰি নলবাৰী জিলাৰ দহখনকৈ গাঁ‌ও অৰ্থাৎ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অৰৰা, বৰালকুছি, তিনিপুখুৰী, চটো আল্লিয়া, নমাটি, নাৰায়ণগাঁ‌ও, গৰগৌৰী, সোণকুৰিহা, পানীমাজকুছি আৰু বালিপাৰা গাঁ‌ৱক বিটিআৰত অন্তৰ্ভূক্তিকৰণেৰে চৰকাৰে জাৰি কৰিছিল এক নিৰ্দেশনা ।

নলবাৰীৰ পৰা দহখনকৈ গাঁও বাক্সা জিলাত অন্তৰ্ভুক্ত কৰাৰ জাননী

৩১ ডিচেম্বৰত তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ জাৰি কৰা এই নিৰ্দেশনা পত্ৰ ৰাজহুৱা হোৱাৰ পিছতে ক্ষোভত ফাটি পৰিছে দল-সংগঠনৰ লগতে স্থানীয় ৰাইজ । মঙলবাৰে ক্ষোভিত ৰাইজে আল্লিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আল্লিয়াত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক জয়ন্তমল্ল বৰুৱাৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ।

প্ৰতিবাদকাৰীসকলে আমাৰ জিলা আমাক লাগিবই, বিজেপি চৰকাৰ হায়! হায়!, মুখ্যমন্ত্ৰী হায়! হায়!, জয়ন্তমল্ল বৰুৱা মূৰ্দাবাদ আদি শ্লোগানেৰে আকাশ-বতাহ মুখৰিত কৰি তুলি চৰকাৰৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায় । উল্লেখ্য যে ভৌগোলিকভাৱে ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত এই গাঁ‌ওকেইখন তামুলপুৰ মহকুমাৰ ওচৰত হোৱা বুলি উল্লেখ কৰি বাক্সা জিলাত অন্তৰ্ভূক্ত কৰা বুলি ৰাজ্য চৰকাৰৰ মুখ্য সচিব স্বাক্ষৰিত নিৰ্দেশনা পত্ৰত কৰা হৈছে উল্লেখ ।

বছৰটোৰ শেষৰ দিনা ৰাজ্যৰ কেইবাখনো জিলা কৰ্তন কৰা হৈছিল(Districts Abolished in Assam) । কৰ্তন কৰা হৈছিল বিশ্বনাথ, হোজাই, তামুলপুৰ আৰু বজালী(Abolished district in Assam) । লগে লগে বহুকেইখন জিলাৰ বহুকেইখন গাঁও অন্তৰ্ভূক্ত কৰা হৈছিল অন্যান্য জিলাত । ইয়াৰ পাছতে ৰাজ্যজুৰি জ্বলিছিল ক্ষোভৰ জুই । পূৰ্বৰ জিলাখন বিচাৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাব্যস্ত কৰা হৈছে প্ৰতিবাদ । পিছে জনতাৰ এই প্ৰতিবাদক কিদৰে চৰকাৰে কিদৰে গুৰুত্ব দিয়ে সেয়া হ'ব লক্ষণীয় ।

লগতে পঢ়ক:Zero rhino poaching in 2022 : 2022ত নহ’ল এটাও গঁড়হত্যা, ৰাজ্যবাসীক অভিনন্দন প্ৰধানমন্ত্রীৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details