অসম

assam

ETV Bharat / state

প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বিকাশৰ বাণী লৈ নলবাৰীত মন্ত্ৰী অজন্তা - guardian minister of Nalbari

বৰভাগত বিকশিত ভাৰত সংকল্প যাত্ৰা । এই অনুষ্ঠানত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন ৰাজ্যৰ হিতাধিকাৰীসকলৰ লগত কৰা বার্তালাপৰ বাণীবদ্ধ ৰূপৰ সম্প্ৰচাৰ কৰা হয় ।

guardian minister of Nalbari
নলবাৰী জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগ

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 4:43 PM IST

নলবাৰী জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগ

নলবাৰী, ১০ ডিচেম্বৰ:যোৱা ২৮ নৱেম্বৰৰ পৰা ৰাজ্যজুৰি অব্যাহত আছে বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী । ইয়াৰে অংশ হিচাপে দেওবাৰে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ উদ্যোগত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ অনুষ্ঠান অনুষ্ঠিত হয় ৷ এই অনুষ্ঠানত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন ৰাজ্যৰ হিতাধিকাৰীসকলৰ লগত কৰা বার্তালাপৰ লগতে জনসাধাৰণক উদ্দেশ্যি দিয়া ভাষণৰ বাণীবদ্ধ ৰূপ পুনৰ সম্প্ৰচাৰ কৰা হয় ।

জিলাখনৰ বৰভাগত বিকশিত ভাৰত সংকল্প যাত্ৰাত নলবাৰী জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে অংশগ্ৰহণ কৰে । নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ৪৭ (১) নং উপৰ বৰভাগ গাঁও পঞ্চায়তৰ অধীনত আয়োজন কৰা হয় ভাৰত চৰকাৰৰ বিকশিত ভাৰত সংকল্প যাত্ৰাৰ । উক্ত অনুষ্ঠানত বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকা, নলবাৰী জিলাৰ অতিৰিক্ত আয়ুক্ত চয়নিকা ঠাকুৰীয়াকে ধৰি জিলা প্ৰশাসনৰ বিষয়া সকলৰ লগতে হিতাধিকাৰী তথা ৰাইজ উপস্থিত থাকে ৷

উল্লেখযোগ্য যে উক্ত অনুষ্ঠানত চৰকাৰী বিভিন্ন বিভাগে নিজা নিজা কাম-কাজৰ প্ৰদৰ্শন কৰে ৷ এই অনুষ্ঠানৰ আৰম্ভণিতে সকলো ৰাইজে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ সংকল্প পাঠ কৰে ৷ অনুষ্ঠানটোত উপস্থিত থাকি অভিভাৱক মন্ত্ৰী অজন্তা নেওগে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সকলো আঁচনিৰ জৰিয়তে হিতাধিকাৰীসকল সকলো দিশতে উপকৃত হোৱা বুলি মন্তব্য় কৰে । তেওঁ বাদ পৰি যোৱা সকলো দৰিদ্ৰ জনতাক অতি শীঘ্ৰে চৰকাৰৰ বিভিন্ন আচনিত অন্তৰ্ভুক্তি কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে ।

উল্লেখ্য় যে লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিভিন্ন কাৰ্যসূচীৰে ভোটাৰ ৰাইজৰ কাষলৈ যোৱাৰ চেষ্টা চলাইছে শাসকীয় দল বিজেপিয়ে ৷ কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন অভিলাষী আঁচনিসমূহ ৰাইজক অৱগত কৰোৱাৰ বাবে শাসকীয় দলটোৱে বিকশিত ভাৰত, সংকল্প যাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰিছে ।

লগতে পঢ়ক:মুখ্যমন্ত্রীৰ ডায়েৰী-২ আৰু মুখ্যমন্ত্রীৰ বক্তৃতা সংকলন-২কে ধৰি চাৰিখন গ্রন্থ উন্মোচন

ABOUT THE AUTHOR

...view details