নলবাৰী, 28 আগষ্ট: যি সময়ত গৰুৰ দেহত দেখা দিয়া লাম্পি ৰোগৰ ফলত বহু পশুধনৰ মৃত্যু হৈছে তেনে সময়তে ৰাজ্যৰ নলবাৰী চহৰৰ এখন পশু চিকিৎসালয়ৰ চৰম দুৰৱস্থা ৷ পৰিৱৰ্তনকামী শ্ল’গানেৰে চৰকাৰৰ গাদী দখল কৰা চৰকাৰেও যেন পৰিৱৰ্তন কৰিব পৰা এই চিকিৎসালয়খনৰ জৰাজীৰ্ণ অৱস্থা ৷
পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অন্তৰ্গত পকোৱা কৃত্ৰিম প্ৰজনন উপকেন্দ্ৰ ৷ কিন্তু জৰাজীৰ্ণ উপকেন্দ্ৰটোত পশুৰ চিকিৎসাৰ বাবে নাই কোনো সু-ব্যৱস্থা ৷ কেৱল নামতহে আছে গৃহতো ৷ আনকি নাই ভাল বেৰ-চালিও । যিকোনো সময়তে ভাঙি পৰিব পাৰে উপকেন্দ্ৰটো ৷ লগতে এজাক বৰষুণ দিলেই উপকেন্দ্ৰটো পানীৰে ভৰি পৰাত কৰ্মচাৰীসকলে উপকেন্দ্ৰটোৰ গাতে লাগি থকা দোকানত আশ্ৰয় ল’ব লগা হয় ।