অসম

assam

ETV Bharat / state

Flood in Nalbari : ফেনে ফুটুকাৰে বাঢ়িছে বৰ লুইত; নলবাৰীত গৃহহাৰা হৈ পৰিছে নৈপৰীয়া

নলবাৰীত ব্ৰহ্মপুত্ৰ নদীৰ কালৰূপ ৷ চকুৰ পলকতে প্ৰতিঘন্টাত নৈৰ বুকুত জাহ গৈ আছে একোখনকৈ গাঁও ৷ প্ৰৱল গৰাখহনীয়াৰ ফলত ভেঁটি মাটি হেৰুৱাই দিশহাৰা বহৈ পৰিছে নৈ পৰীয়া ৰাইজ ৷ উপায়ন্তৰ হৈ নৈ পৰীয়া ৰাইজে ঢাপলি মেলিছে নিৰাপদ স্থানলৈ ৷

By

Published : Aug 11, 2023, 5:29 PM IST

Flood in Nalbari
নলবাৰীত ব্ৰহ্মপুত্ৰ নদীৰ কালৰূপ

নলবাৰীত ব্ৰহ্মপুত্ৰ নদীৰ কালৰূপ

নলবাৰী, ১১ আগষ্ট : চকুৰ পলকতে নোহোৱা হৈ আছে নলবাৰী জিলাৰ এখন এখনকৈ গাঁও । নলবাৰীত বৰ লুইতৰ বাঢ়নী পানীত জাহ গৈছে ইখনৰ পিচত সিখন গাঁও । ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰ বৃদ্ধিত নলবাৰীৰ চৰাঞ্চলত ভয়ংকৰ গৰাখহনীয়াৰ সৃষ্টি হৈছে ।

ফেনে ফুটুকাৰে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ পানী । ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে তিনি মাহত নিচিহ্ন কৰিলে দহখনকৈ গাঁও । খহনীয়া ৰোধ কৰিবলৈ গুৰুত্বই আৰোপ নকৰিলে জলসম্পদ বিভাগ কিম্বা জনপ্ৰতিনিধিয়ে । যাৰ ফলত কেৱল নিজৰ ঘৰখন, নিজৰ বাৰীখন নৈৰ বুকুলৈ এৰি দিব লগীয়া হৈছে চৰাঞ্চলৰ লোকসকলে ।

বিগত দুদিন বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ বুকুত বৃদ্ধি হোৱা জলপৃষ্ঠই কাঢ়ি লৈ গ'ল এনেদৰে নলবাৰী জিলাৰ প্ৰায় ১০ খনকৈ গাঁও । শিয়ালমাৰী চৰৰ বৰচুলীয়া পঞ্চায়ত খনৰ পঞ্চাশ শতাংশ গাঁও নৈৰ বুকুত জাহ যোৱাত এতিয়া আলৈ আথানিৰ সৃষ্টি হৈছে নৈ পৰীয়া ৰাইজৰ । অঞ্চলটোৰ লোকসকলে এতিয়া নিজৰ নিজৰ ঘৰ দুৱাৰবোৰ ভাঙি লৈ গৈ নিৰাপদ স্থানলৈ ঢাপলি মেলাৰ বাহিৰে যেন নাই অন্য কোনো উপায় ।

লগতে পঢ়ক :Flood in Dhemaji: জীয়াঢলৰ বাঢ়নী পানীয়ে বুৰাইছে ধেমাজিৰ বিস্তীৰ্ণ অঞ্চল

উল্লেখযোগ্য যে, বিগত বাৰিষাৰ প্ৰথম বাঢ়নী পানীত ইতিমধ্যে নলবাৰী জিলাৰ পৰা শেষ হৈ গ'ল ভাংনামাৰী গাঁও পঞ্চায়তৰ আটাইকেইখন গাঁও । স্কুল, ভাংনামাৰী কলেজ, ভাংনামাৰী আৰক্ষী চকীও চকুৰ পলকতে নৈৰ বুকুত এমাহতেই নিচিহ্ন হৈ গ'ল । য'ত বিভাগীয়া কৰ্তৃপক্ষই কোনো গুৰুত্ব আৰোপ নকৰিলে । বৰ্তমান একেই অৱস্থা আন আন চৰাঞ্চলৰ পঞ্চায়তসমূহতো ।

বৰক্ষেত্ৰীৰ কুৰিহামাৰী, শিয়ালমাৰী, বৰচুলিয়াকে ধৰি প্ৰায় ১০ খনকৈ গাঁও ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ লগতে চৰকাৰী বিদ্যালয়, পঞ্চায়ত আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান ইতিমধ্যেই ব্ৰহ্মপুত্ৰৰ লগত বিলীন হৈছে । বহু বছৰৰ পৰাই চৰাঞ্চল ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ সৃষ্টি হৈ আছিল যদিও আজি পৰ্যন্তলৈকে জলসম্পদ বিভাগ তথা চৰকাৰে এতিয়ালৈ কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে এনেদৰে নলবাৰী জিলাৰ পৰা নোহোৱা হৈ আছে এখন এখনকৈ গাঁও ।

গৰাখহনীয়াৰ কবলত পৰি সৰ্বস্বান্ত হোৱা লোকসকলৰ এইপৰ্যন্ত জনপ্ৰতিনিধিয়ে খবৰ নোলোৱাৰ অভিযোগ তুলি শংকিত হৈছে ।

লগতে পঢ়ক :Chokighat Bridge : জীয়া ভৰলীত হ’ব দ্বিতীখন দলং; তেজপুৰৰ পৰা জামুগুৰিলৈ কমিব দূৰত্ব

ABOUT THE AUTHOR

...view details