অসম

assam

ETV Bharat / state

টিহুৰ গোৱৰাদলত বিদ্যুতৰ তাঁৰত ওলমি থাকিল দুই কৰ্মচাৰী - electrical worker got electrict shock at Tihu

কাম চলি থকাৰ মাজতে শক্তি বিভাগে সংযোগ কৰিলে বিদুৎ ৷ ফলত ১১ হেজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰতে ওলমি ৰয় কৰ্মচাৰী দুজন ৷ নলবাৰীৰ টিহুৰ গোৱৰাদলত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ৷

Two electrical worker got electrict shock at Tihu
টিহুৰ গোৱৰাদলত বিদ্যুতৰ তাৰত ওলমি থাকিল দুই কৰ্মচাৰী

By

Published : Nov 28, 2019, 11:48 PM IST

নলবাৰী, 28 নৱেম্বৰ:নলবাৰীৰ টিহুৰ গোবৰাদলত বৃহস্পতি বাৰে সংঘটিত হয় এক ভয়ংকৰ অঘটন । শক্তি বিভাগৰ চৰম দায়িত্বজ্ঞানহীনতাৰ বাবেই সংঘটিত হয় এই ঘটনা ৷ বিদ্যুতৰ কাম কৰি থকা অৱস্থাতে বিদ্যুৎস্পৃষ্ট হৈ বিদ্যুতৰ তাঁৰত ওলমি থাকিল দুই কৰ্মচাৰী ৷ তথ্য অনুসৰি বিদ্যুৎ বিভাগৰ ঠিকাদাৰ হেমেন ডেকাৰ অধীনত কাম কৰি আছিল কেইবাজনো যুৱকে । গোবৰাদলত বিদ্যুতৰ তাৰ সলনি কৰি আছিল কৰ্মচাৰী সকলে । হঠাতে বৰমা বৰঝাৰৰ উপসংমণ্ডল কাৰ্যালয়ৰ পৰা বিদ্যুৎ সংযোগ কৰাৰ ফলত ১১ হেজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰতে ওলমি ৰয় কৰ্মচাৰী দুজন ৷ এই ঘটনাত গুৰুতৰ ভাৱে আহত হোৱা কৰ্মচাৰী দুজন ক্ৰমে কিছমত আলী (২২) আৰু ইউচুফ আলী (২৪) । আহত কৰ্মচাৰী দুজনৰ ঘৰ হাজোৰ বুল্লুটত ৷

টিহুৰ গোৱৰাদলত বিদ্যুতৰ তাৰত ওলমি থাকিল দুই কৰ্মচাৰী

উল্লেখ্য যে গুৰুতৰভাবে আহত দুয়োজনকে ততাতৈয়াকৈ নলবাৰী শ্বহীদ মকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও ইয়াৰে কিছমত আলীক উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰা হয় ৷

ABOUT THE AUTHOR

...view details