নলবাৰী, ১১ ছেপ্টেম্বৰ: নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাত মৃত্যু হোৱা পৰীমিতা দাসৰ আত্মাৰ চিৰশান্তি কামনাৰে শুকুৰবাৰে নলবাৰী আঞ্চলিক ছাত্র সন্থাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে । যোৱা ৮ ছেপ্টেম্বৰত সংঘটিত হোৱা ফেৰী দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা পৰীমিতা দাসে । শুকুৰবাৰে নলবাৰীৰ শ্বহীদ ভৱনৰ বাকৰিত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মেধাৱী যুৱতীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে আছুৰ কৰ্মকৰ্তাসকলে ।
নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰুবুল বৰ্মনে আঁত ধৰা অনুষ্ঠানটোত অংশ লৈ বিভিন্ন দল-সংগঠনৰ কৰ্মকৰ্তায়ো বন্তি প্ৰজ্বলন কৰি পৰীমিতালৈ শ্ৰদ্ধাঞ্জলি জনায় আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰে । উক্ত অনুষ্ঠানটোত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা, জিলা ছাত্র সন্থাৰ সভাপতি গুণজ্যোতি পাঠক, জিলা ছাত্র সন্থাৰ সম্পাদক অক্ষয় ডেকাৰ লগতে নলবাৰী জিলা ছাত্র সন্থা আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃবৰ্গ ।