নলবাৰী, 12 জানুৱাৰীঃ নলবাৰীত সদ্য প্ৰয়াত বিশিষ্ট শিক্ষাবিদ তথা সাংবাদিক প্ৰমোদ চক্ৰৱৰ্তী দেৱক সশ্ৰদ্ধ সোঁৱৰণ ৷ নলবাৰী জিলা সাংবাদিক সন্থাৰ উদ্যোগত নলবাৰী শ্বহীদ ভৱনৰ বাকৰিত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নলবাৰী জিলা সাংবাদিক সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি তথা নলবাৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক প্ৰমোদ চক্ৰৱৰ্তী দেৱক একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ নাট্যকাৰ তথা সাংবাদিক ধ্ৰুৱজ্যোতি শৰ্মাৰ সভাপতিত্বত প্ৰয়াত চক্ৰৱৰ্তী দেৱৰ স্মৃতিত অনুষ্ঠিত হয় সোঁৱৰণী সভা ৷
বিশিষ্ট শিক্ষাবিদ তথা সাংবাদিক প্ৰমোদ চক্ৰৱৰ্তীক সোঁৱৰণ - নাট্যকাৰ তথা সাংবাদিক ধ্ৰুৱজ্যোতি শৰ্মা
নলবাৰী শ্বহীদ ভৱনৰ বাকৰিত বিশিষ্ট শিক্ষাবিদ তথা সাংবাদিক প্ৰমোদ চক্ৰৱৰ্তী দেৱক সশ্ৰদ্ধ সোঁৱৰণ ৷ অনুুষ্ঠিত কৰা হয় স্মৃতিচাৰণ সভাৰ ৷

সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথে মুকলি কৰা এই সোঁৱৰণি অনুষ্ঠানত উপস্থিত থাকে নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেব চৌধুৰীৰ লগতে দৈনিক অসম কাকতৰ কাৰ্যবাহী সম্পাদক মুনিন বায়ন, নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতা, অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত, তথা আছু নেতা ভৱজিত বেজবৰুৱা ৷ আনহাতে শিক্ষাবিদ তথা সাংবাদিক প্ৰমোদ চক্ৰৱৰ্তী দেৱৰ কৰ্মৰাজিৰ বিষয়ে আলোচনা কৰি স্মৃতিচাৰণ কৰাৰ লগতে সাংবাদিকৰ সুৰক্ষা সম্পৰ্কেও আলোচনা কৰা হয় ।
আৰু পঢ়কঃড৹ অমলেন্দু চক্ৰৱৰ্তীক 'শ্ৰীশ্ৰী মথুৰাদাস বুঢ়াআতা বঁটা' প্ৰদান
TAGGED:
নলবাৰী শ্বহীদ ভৱনৰ বাকৰি