নলবাৰী,২২ আগষ্ট:ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণৰ কল্যাণৰ অৰ্থে নিতৌ ন ন আঁচনি প্ৰস্তুত কৰি আহিছে যদিও অদ্যপি চৰকাৰৰ কোনো অভিলাষী আঁচনিয়ে ঢুকি নোপোৱা বৰক্ষেত্ৰীৰ এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ জীৱন গাঁঠাই হতচকিত কৰি তুলিছে পথচাৰীক(No ambitious scheme of government has reached a couple from Nalbari) ৷ জীয়াই থকাৰ দুৰ্বাহ হেঁপাহ পুহি ৰখা দম্পত্তিটোৱে জলসম্পদ বিভাগৰ মথাউৰিটোকে শেষ আশ্ৰয়স্থলী হিচাপে বাচি লৈছে ৷
নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত চতেমাৰী গাঁৱৰ এটি দুৰ্ভগীয়া দম্পত্তিৰ জীৱন পৰিক্ৰমাই ব্যথিত কৰি তুলিছে প্ৰত্যক্ষদৰ্শীক ৷ ৬১ নং ঘোগা গাঁও পঞ্চায়তৰ অন্তৰ্গত পশ্চিম চতেমাৰী গাঁৱৰ ষাঠিৰোৰ্ধৰ নাৰায়ন দাস আৰু তেওঁৰ দুৰ্ভগীয়া পত্নীৰ কৰুণ জীৱন সংগ্ৰামে হৃদয় গলাব পৰা নাই জনপ্ৰতিনিধি কিম্বা ৰাজনৈতিক নেতা-পালিনেতা সকলৰ ৷
নলবাৰীৰ বৃদ্ধ দম্পত্তিয়ে মথাউৰিৰ জৰাজীৰ্ণ পঁজাতে কটাইছে জীৱনৰ বিয়লি বেলা প্ৰাপ্ত খবৰ অনুসৰি চল্লিছ বছৰ পূৰ্বে কামৰূপ জিলাৰ দক্ষিণপাৰৰ কোনো প্ৰান্তৰ পৰা নাৰায়ন দাসে চতেমাৰী গাঁৱলৈ আহি গাঁৱখনৰ মৎস্যজীৱী লোকসকলৰ স'তে সহবাস কৰিবলৈ আৰম্ভ কৰিছিল ৷ বিশাল ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া গাঁওবাসীৰ লগতে মহাবাহুত মৎস্য স্বীকাৰ কৰি সাধাৰণ জীৱন অতিবাহিত কৰিবলৈ লয় নাৰায়ন দাসে ৷ পৰবৰ্তী সময়ত সেই গাঁওখনৰে পদ্দা দাসক পত্নী হিচাপে আঁকোৱালি লয় ৷
গাঁওখনৰ ৰাজহুৱা কালী মন্দিৰৰ সন্মুখভাগত পদ্দা দাসৰ আত্মীয় এগৰাকীৰ ভূমিত বাসগৃহ সাঁজি অস্থায়ীভাৱে থকা নাৰায়ন দাসে পৰবৰ্তী সময়ত দুই কন্যা সন্তানৰ পিতৃ হয় ৷ দুয়োগৰাকী কন্যাৰ বিবাহৰ পিছত ক্ৰমাৎ নিসংগতাই আৱৰি ধৰা দম্পত্তিটোৱে লাহে লাহে বয়সৰ ওচৰত হাৰ মানিবলৈ ধৰে ৷ দুবছৰ পূৰ্বে হঠাতে স্তব্ধ হৈ পৰে পত্নী পদ্দা দাসৰ জীৱন সংগ্ৰাম ৷
কোনো কাৰণবশত পত্নীয়ে চকুহালেৰে পৃথিৱীৰ পোহৰ দেখাৰ পৰা বঞ্চিত হবলগীয়া হোৱাত স্তব্ধ হৈ পৰে পদ্দা দাসৰ চলন ফুৰণ ৷ তদুপৰি যিডোখৰ ঠাইত দীৰ্ঘদিনে অস্থায়ীভাৱে বাহৰ পাতি আহিছিল, সেই ঠাইডোখৰত এইবেলি পানীৰে উপচি পৰাত আলৈ-আথানিৰ সৃষ্টি হয় বৃদ্ধ দম্পত্তীৰ ৷ অৱশেষত বিগত চাৰি-পাঁচ মাহ পূৰ্বে দুয়োৰে আলৈ-আথানি দেখি অঞ্চলটোৰ কেইগৰাকীমান মানৱ দৰদী যুৱকে পানীৰ মাজৰ পৰা উদ্ধাৰ কৰি আনি জলসম্পদ বিভাগৰ মথাউৰিত আশ্ৰয়ৰ সুবিধা কৰি দিয়ে ৷
শেহতীয়াভাৱে মথাউৰিতে সৰু জুপুৰী এটাত আশ্ৰয় লৈ থকা নাৰায়ন দাসে দুৰ্ভগীয়া পত্নীক আশ্ৰয়স্থলীত এৰি ভিক্ষা মাগিবলৈ আৰম্ভ কৰে ৷ অঞ্চলটোৰ বিভিন্ন ঠাইৰ পৰা খুজি মাগি আনি কিবাকৈ যোগাৰ কৰিছে অন্নমুঠি ৷ উল্লেখ্য যে এই বৃদ্ধ দম্পত্তীয়ে এনেধৰণে কৰুণ জীৱন সংগ্ৰাম কৰি অহা স্বত্তেও আজিকোপতি পঞ্চায়ত প্ৰতিনিধি কিম্বা ৰাজনৈতিক নেতা-পালি নেতা সকলৰ কৃপা দৃষ্টি নপৰিল ৷ আনকি চৰকাৰৰ কৃষক আঁচনি, অৰুণোদয় আঁচনি, সাৰ্বজনীন বৃদ্ধ পেঞ্চন, বিশেষভাৱে সক্ষম লোকৰ আঁচনিকে ধৰি কোনো আঁচনিয়ে স্পৰ্শ কৰিব পৰা নাই পৰিয়ালটোক ৷ বিনামুলীয়া বিদ্যুৎ সেৱা লাভৰ পৰাও বঞ্চিত নাৰায়ন দাস ৷
লগতে পঢ়ক:উৰুখা পঁজাৰ বতৰা শুনিবলৈ আহৰি নাই ৰজাঘৰীয়াৰ