নলবাৰী, ১৬ জুলাই: ৰাজ্যত পুনৰ সংঘটিত হৈছে যৌতুকজনিত ঘটনা ৷ এইবাৰ নলবাৰীত যৌতুকৰ বাবে মহিলাক অত্যাচাৰৰ অভিযোগ উত্থাপিত হৈছে । আনকি বোৱাৰীগৰাকীক মাৰধৰ কৰি ঘৰৰ পৰা উলিয়াই দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী বোৱাৰীগৰাকীয়ে (Torture for dowry in Nalbari) ৷
স্বামী, শাহু আৰু ননদৰ বিৰুদ্ধে ইতিমধ্য ভুক্তভোগী বোৱাৰীগৰাকীয়ে নলবাৰী আৰক্ষী থানাত(Nalbari police station) দাখিল কৰিছে অভিযোগ ৷ মাৰধৰ কৰি ঘৰৰ পৰা বাহিৰ কৰি দিয়াৰ অভিযোগ উত্থাপন কৰিছে স্বামীগৃহৰ লোকৰ বিৰুদ্ধে । উল্লেখযোগ্য যে, পাটাছাৰকুছিৰ বোৱাৰীগৰাকী এঘাৰ বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল নলবাৰীৰ লোকজনৰ সৈতে । বিয়াৰ পিছৰে পৰাই শাহু আৰু ননদে মিলি বোৱাৰীগৰাকীক যৌতুকৰ বাবে নানান অত্যাচাৰ কৰি অহা বুলি জানিবলৈ দিছে বোৱাৰীগৰাকীয়ে ।