প্ৰকৃতিৰ ৰুদ্ৰৰূপৰ বাবে ২৯ খন ৰে'লৰ যাত্রা বাতিল
শেহতীয়া বান আৰু ভূমিস্খলনৰ ভয়াৱহ পৰিস্থিতিৰ বাবে আংশিকভাৱে ১১খন ৰে’লৰ যাত্ৰা বাতিল কৰা হৈছে । আনহাতে সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে ১৮খন ৰে’লৰ যাত্ৰা (Many trains cancelled due to floods and landslides)। নেৰানেপেৰা বৰষুণৰ ফলত ঠায়ে ঠায়ে ভয়ংকৰ ভূমিস্খলন হোৱাৰ পৰিপ্ৰেক্ষিতত ৰে’ল আৰু ঘাইপথেৰে যাতায়াত ব্যাহত হৈ পৰিছে । ডিমা হাচাওত হোৱা ভয়াৱহ ভূমিস্খলন-বানৰ বাবে ব্যাহত হৈ পৰিছে ৰে’লসেৱা ।
প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে দেশৰ প্ৰথম 5G টেষ্টবেড
প্ৰযুক্তিৰ দিশত আৰু এখোজ আগবাঢ়িল ভাৰত । ভাৰতত মুকলি দেশৰ প্ৰথমখন 5G টেষ্টবেড (First 5G testbed launched in India)। ভাৰতীয় টেলিকম নিয়ামক প্ৰাধিকৰণৰ (TRAI) ৰূপালী জয়ন্তীত ভাগ লৈ প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে এই 5G টেষ্টবেড । এতিয়াৰে পৰা দেশৰ ষ্টাৰ্টআপ আৰু অন্যান্য উদ্যোগসমূহে 5G নেটৱৰ্ক স্থাপনৰ বাবে তেওঁলোকৰ সামগ্ৰীৰ পৰীক্ষা আৰু বৈধতা সুনিশ্চিত কৰিবলৈ বিদেশলৈ যাব নালাগে ।
লণ্ডনৰ আদালতত মুকুল হাজৰিকাৰ প্ৰত্যাৱৰ্তনৰ প্ৰক্ৰিয়া আৰম্ভ
সোমবাৰে লণ্ডনৰ Westminister Magistrates' Court ত ভাৰত চৰকাৰৰ হৈ যুক্তি প্ৰদৰ্শন কৰি অধিবক্তাই কয় যে, যোৱা সময়চোৱাত ডাঃ মুকুল হাজৰিকাই নতুন প্ৰজন্মক আলফা(স্বা)ত যোগদানৰ বাবে উৎসাহিত কৰি অহাৰ লগতে ম্যানমাৰৰ আলফা শিবিৰত উপস্থিত থাকি ভাষণো দিছিল ৷ সোমবাৰে ডাঃ হাজৰিকা লণ্ডনৰ এখন আদালতত সোঁ-শৰীৰে হাজিৰ হোৱাৰ উপৰিও তেওঁৰ অধিবক্তা বেন কুপাৰে আদালতত যুক্তি প্ৰদৰ্শন কৰে যে, এইগৰাকী বিশিষ্ট চিকিৎসক কোনোধৰণে ভাৰত চৰকাৰে দাবী কৰাৰ দৰে অসমৰ কোনো বিচ্ছিন্নতাবাদী সংগঠনৰ সৈতে জড়িত নহয় ৷
আজি মহাপুৰুষ মাধৱদেৱৰ 533 সংখ্যক আবিৰ্ভাৱ তিথি
হৰিনামৰ অমিয়া সুৰেৰে মুখৰিত হ’ল ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰ ৷ গুৰুজনাৰ আবিৰ্ভাৱ তিথি উপলক্ষে ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত সোমবাৰৰ পৰা তিনিদিনিয়া কাৰ্যসূচীৰে পালন অনুষ্ঠিত কৰা হৈছে মাধৱদেৱ গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ ৷
পুষ্টিহীনতাত ৰাজ্যৰ ৩৫ শতাংশ শিশু
কেন্দ্ৰীয় চৰকাৰৰ বিনামূলীয়া প্ৰতিষেধক সম্পূর্ণ ৰূপত পোৱাৰ পৰা বঞ্চিত ৰাজ্যৰ ২৫,৬৯,৭৩৬ টি শিশু । ৰাজ্যখনৰ ২১.৭ শতাংশ শিশু অতিশয় খীণ । ৰাজ্যৰ ৩৫ শতাংশ শিশুৰেই বিকাশ বাধাগ্ৰস্ত (Thirty five percent of children in the state who are malnourished) । ৰাজ্যখনৰ ৩২.৮ শতাংশ শিশুৰেই ওজন কম । শিশুৰ স্বাস্থ্য আৰু বিকাশৰ বাবে অসমে কেন্দ্ৰৰ পৰা অনুদান লাভ কৰিছে ২০১৬-১৭ চনত ৩৬৬.৭৭ কোটি টকা, ২০১৭-১৮ চতন ৩৯৫.১৩ কোটি টকা, ২০১৮-১৯ চনত ৩৬৫.৪৪ কোটি টকা, ২০১৯-২০ চনত ৩৯২.০৭ কোটি টকা আৰু ২০২০-২১ চনত ৪৩৫.১৮ কোটি টকা ৷