অসম

assam

ETV Bharat / state

সাত বজাৰ শীৰ্ষ দহ বাতৰি... - Top 10 @ 7 PM

সাত বজাৰ শীৰ্ষ দহ বাতৰি...

Top 10 @ 7 PM
সাত বজাৰ শীৰ্ষ দহ বাতৰি...

By

Published : Sep 22, 2020, 6:59 PM IST

মহানগৰীত নাহৰফুটুকী পিঞ্জৰাবদ্ধ

মহানগৰীৰ কছাৰীবস্তিত পুনৰ পিঞ্জৰাবদ্ধ হৈছে এটা নাহৰফুটুকী ৷ বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ প্ৰায় 7 ঘণ্টা জোৰা চেষ্টাৰ অন্তত ট্ৰেংকুলাইজ কৰে নাহৰফুটুকীটো ৷ সম্প্ৰতি গুৱাহাটী চিৰিয়াখানাৰ আলহী হৈছে নাহৰফুটুকীটো ৷

স্ক্ৰাৱ টাইফাছ কি আৰু ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি ?

ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কেন্দ্ৰ(Centers for Disease Control and Prevention)ই উল্লেখ কৰা অনুসৰি, Scrub Typhus(স্ক্ৰাৱ টাইফাছ) অথবা bush typhus(বুছ টাইফাছ) হ’ল Orientia tsutsugamushi(ওৰেনছিয়া ছুটছুগামুছী) নামৰ এক বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত হোৱা ৰোগ ৷ আক্ৰান্ত চিগাৰ (larval mites)এ কামোৰাৰ ফলত সংক্ৰমিত হয় এই ৰোগ ৷ দক্ষিণ-পূৱ এচিয়া, ইণ্ডোনেছিয়া, চীন, জাপান, ভাৰত আৰু অষ্ট্ৰেলিয়াৰ উত্তৰাঞ্চলৰ গ্ৰামাঞ্চল সমূহত বিশেষকৈ এই ৰোগৰ প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা যায় ৷ এই অ়্ঞ্চল সমূহত বসবাস কৰা যিকোনো লোক বা ভ্ৰমণসূত্ৰে যোৱা লোকসমূহৰ দেহত ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱাৰ সম্ভাৱনৈ প্ৰৱল ৷

ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ

ডুমডুমাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত চাহ শ্ৰমিকসকলৰ ৷ চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবীত সাব্যস্ত এই প্ৰতিবাদ ৷

তিনিচুকীয়াত চাহ মজদুৰ সংঘৰ প্ৰতিবাদ

তিনিচুকীয়া চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত ১ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী চাহ মাজদুৰ সংঘৰ ৷ চাহ শ্ৰমিক সকলৰ মজুৰি বৃদ্ধিৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে ৷

২৪ ছেপ্তেম্বৰৰ পৰা মুকলি নহয় কামাখ্যা মন্দিৰৰ দুৱাৰ

মন্দিৰত প্ৰথমে ক'ভিডৰ বাবে বিশেষ আন্তঃগাঠনি প্ৰস্তুত কৰিব লাগিব। বুধবাৰৰ পৰা আৰম্ভ হ'ব মন্দিৰৰ আন্তঃগাঠনি নিৰ্মাণৰ কাম ৷ সম্ভৱতঃ আগন্তুক ১০ৰ পৰা ১৫ দিনৰ পাছত মুকলি কৰিব পৰা যাব মন্দিৰ চৌহদৰ দুৱাৰ।

নিশাৰ ভিতৰতে হিউম পাইপ বহুৱাক লৈ লখিমপুৰত প্ৰতিক্ৰিয়া !

লখিমপুৰৰ ফুলবাৰীত ‘অসম দৰ্শন’ আঁচনিৰ অধীনত পথ নিৰ্মানত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ ৷ ফুলবাৰী দেৱালয় সংযোগী গড়কাপ্তানী পথটোৰ ওপৰত নিশাৰ ভিতৰতে বহুওৱা হয় হিউম পাইপ ৷

মহানগৰীৰ পানবাৰীত হাতী পোৱালি উদ্ধাৰ

মহানগৰীৰ পানবাৰীত এটি প্ৰায় এমহীয়া বনৰীয়া হাতী পোৱালি উদ্ধাৰ ৷ সোমবাৰে নিশাৰ পৰা বৰষুণত তিতি আছে হাতী পোৱালিটো ৷ বন বিভাগে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে ৷ যি কোনো মুৰ্হূততে বিপদ ঘটিব পাৰে হাতী পোৱালিটোৰ ৷

লখিমপুৰত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ

20 ছেপ্তেম্বৰত ৰাজ্যত অনুষ্ঠিত অসম আৰক্ষীৰ চাকৰিৰ খালী পদ পূৰণৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা ৷ উক্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ পিছতে বাতিল হৈছিল পৰীক্ষা ৷ নিকা আৰু স্বচ্ছ পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহেৰে মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰে লখিমপুৰ জিলা আছুৱে ৷

পুথিচিত্ৰৰ শৈলীত বিশ্ব দৰবাৰলৈ গুৰুজনাৰ জীৱনী

অসমৰ কলা-কৃষ্টিক বিশ্ব দৰবাৰত তুলি ধৰা নগঞা শিল্পী সুজিত দাসৰ আন এক প্ৰয়াস । পুথিচিত্ৰৰ শৈলীত গুৰুজনাৰ জীৱনী অংকন কৰি বিলাইছে দেশে-বিদেশে ।

চৰকাৰী কাৰ্যালয়ত এখন লাখটকীয়া বিদ্যুৎ বিল

উৎকট গৰমৰ মাজতে কৰ্তব্য সম্পাদন ৷ চিৰাঙৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত বিগত এমাহৰ পৰা নাই বিদ্যুৎ ৷ দীৰ্ঘদিনে অনাদায় হৈ থকা এখন লাখটকীয়া বিদ্যুৎ বিলৰ বাবে বিদ্যুৎ সেৱা কৰ্তন কৰিছে জিলাখনৰ শক্তি বিভাগে ৷

ABOUT THE AUTHOR

...view details