নলবাৰী, 11 জানুৱাৰীঃ আকৌ আহি পালেহি অসমীয়াৰ ভোগৰ উৎসৱ ভোগালী বিহু ৷ ভোগালীক আদৰিবলৈ চৌদিশে উঠি পৰি লাগিছে ৰাজ্যবাসী ৷ চমকপ্ৰদ ভেলাঘৰৰে সকলো সাজু হৈছে ভোগালীক আদৰিবলৈ ৷ নলবাৰী জিলাৰ বালিগাঁৱবাসীয়ে ভোগালীক আদৰিবলৈ সাজি উলিয়াইছে টাইটানিক সদৃশ ভেলাঘৰ ৷
টাইটানিকেৰে ভোগালীক আদৰিবলৈ সাজু নলবাৰী বালিবাসী - টাইটানিকৰ আৰ্হিত সাজি উলিয়াইছে ভেলাঘৰ
চৌদিশে নাগৰিকত্ব আইনক লৈ পৰিৱেশ উত্তাল হৈ থকাৰ মাজতে হেপাঁহৰ ভোগালীত লগে ভাগে এসাঁজ খাবলৈ সাজু হৈছে অসমীয়া ৷ ইয়াৰ মাজতে নলবাৰীত বালিবাসীয়ে টাইটানিকৰ আৰ্হিত সাজি উলিয়াইছে ভেলাঘৰ ৷
![টাইটানিকেৰে ভোগালীক আদৰিবলৈ সাজু নলবাৰী বালিবাসী Titanic](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5671139-663-5671139-1578721493691.jpg)
টাইটানিক জাহাজৰ আৰ্হিত প্ৰস্তুত কৰা এই ভেলাঘৰটো প্ৰায় দুশতকৈও অধিক বাঁহেৰে প্ৰস্তুত কৰা হৈছে ৷ গাঁৱখনৰ ডেকা বুঢ়া সকলোৱে একত্ৰিত হৈ 20 দিনত এই ভেলাঘৰটো সাজি উলিয়াইছে ৷ নৰা আৰু কাহিবন আদিৰে সাজি উলিওৱা এই ভেলাঘৰটোত প্ৰথম মহলাত 100তকৈ অধিক মানুহে বহি ভোজ ভাত খাব পৰা সুবিধা থকাৰ লগতে তলৰ মহলত বিভিন্ন ধৰণৰ সুবিধা ৰখা হৈছে ৷ আনহাতে নিশা বৈদ্যুতিক কাৰুকাৰ্যৰে অধিক আকৰ্ষণীয় হৈ উঠে ভেলাঘৰটো ৷ উল্লেখ্য যে, 2019 বৰ্ষত বগীবিল দলঙৰ আৰ্হিত ভেলাঘৰ প্ৰস্তুত কৰাৰ পিচত চমকপ্ৰদ টাইটানিক ভেলাঘৰ সাজি উলিয়াইছে এই লোকসকলে ৷
লগতে পঢ়ক - সমগ্ৰ দেশতে বলৱৎ হ’ল ‘‘CAA’’