নলবাৰী, 4 মাৰ্চ :বিধানসভা নিৰ্বাচনৰ বাবে নলবাৰী সমষ্টিত জয়ন্ত মল্ল বৰুৱাৰ নাম উচ্চাৰিত হৈ থকাৰ সময়তে বৃহস্পতিবাৰে নলবাৰীৰ বিধায়ক অশোক শৰ্মাই নলবাৰী নাট্যমন্দিৰত পাঁচ বছৰীয়া খতিয়ান দাঙি ধৰে ৷ এই উপলক্ষে আয়োজন কৰা সভাত বিধায়ক অশোক শৰ্মাৰ সমৰ্থকে অশোক শৰ্মা জিন্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে সভাস্থলী ৷
সময় উকলিল নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাৰ ! - Nalbari constituency MLA Ashok Sharma
নলবাৰী সমষ্টিত জয়ন্ত মল্ল বৰুৱাৰ নাম উচ্চাৰিত হৈ থকা সময়তে বৃহস্পতিবাৰে নলবাৰীৰ বিধায়ক অশোক শৰ্মাই নলবাৰী নাট্যমন্দিৰত পাঁচ বছৰীয়া খতিয়ান দাঙি ধৰে ৷ যদি তেওঁ টিকটৰ পৰা বঞ্চিত হয় তেন্তে সাধাৰণ কৰ্মী সকলক ধৰি ৰখাতো ভয়াবহ হ'ব বুলি মন্তব্য কৰে অশোক শৰ্মাই ।
সময় উকলিল নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাৰ !
তদুপৰি বিধায়ক গৰাকীৰ একাংশ সমৰ্থকে নলবাৰী চহৰত বাহিৰ কৰে পদ যাত্ৰাও । যদি তেওঁ টিকটৰ পৰা বঞ্চিত হয় তেন্তে সাধাৰণ কৰ্মী সকলক ধৰি ৰখাটো ভয়াবহ হ'ব বুলি পদযাত্ৰা কালত মন্তব্য কৰে বিধায়ক অশোক শৰ্মাই ।
লগতে পঢ়ক: ওলমি ৰৈছে অগপ-বিজেপিৰ আসনৰ ভাগ-বাটোৱাৰা