অসম

assam

ETV Bharat / state

ক্ৰমাৎ উন্নত টিহুৰ বান পৰিস্থিতি - পশুধন

বানত ক্ষতিগ্ৰস্ত কেইবাটাও পৰিয়াল,অনিষ্ট হ'ল বিস্তীৰ্ণ কৃষিভূমিৰ লগতে পশুধন ৷

ক্ৰমাৎ উন্নত টিহুৰ বান পৰিস্থিতি

By

Published : Jul 3, 2019, 4:59 AM IST

টিহু,3 জুলাইঃ ক্ৰমান্বয়ে স্বাভাৱিক অৱস্থা লৈ ঘূৰি আহিব ধৰিছে টিহুৰ বান পৰিস্থিতি ৷ অৱশ্যে বৰ্তমানেও কেইবাখনো গাঁও আছে পানীৰ মাজত ৷ টিহুৰ 42 নং জলখানা-ভঠুৱাখানা গাঁও পঞ্চায়তৰ অন্তৰ্গত দাহুদীত টিহু নদীৰ মথাউৰি চিঙি প্লাৱিত হয় কেইবাখনো গাঁও ৷ বানৰ ফলত জলখানা, ভঠুৱাখানা, দাহুদী, নামশলা, বেতবাৰী, কঠালমূৰা আদি কেইবাখনো গাঁৱৰ পৰিয়াল জলবন্দী হৈ পৰাৰ লগতে বিস্তীৰ্ণ কৃষিভূমিৰ লগতে পশুধনৰ অনিষ্ট সাধন হয় ৷ বানে চিঙি পেলাই জলখানা-ৰূপদিগা গড়কাপ্তানি পথ ৷ বানৰ ফলত উভালি পৰে কেইবাটাও বৈদ্যুতিক খুঁটা ৷ জলমগ্ন হৈ পৰে জলখানাৰ প্ৰাথমিক স্বাহ্য কেন্দ্ৰ ৷

ক্ৰমাৎ উন্নত টিহুৰ বান পৰিস্থিতি

স্থানীয় বিধায়ক পবিন্দ্ৰ ডেকাৰ গৃহ পঞ্চায়তৰ সাধাৰণ ৰাইজ এনেদৰে বানত ডুবি থকাৰ পিছতো বিধায়ক গৰাকীয়ে ৰাইজৰ খবৰ নোলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ । আনহাতে, উত্তৰ বালি আৰু দক্ষিণ বালিত মৰা পাগলদিয়া নৈৰ মথাউৰি দুটাকৈ স্থানত চিঙি যোৱাৰ ফলত বৃহত্তৰ টিহু অঞ্চলত ঠায়ে ঠায়ে আজিও অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি ৷

ABOUT THE AUTHOR

...view details