অসম

assam

ETV Bharat / state

Lok Sabha election 2024: বিৰোধী সংগবদ্ধ হ’লেও ক্ষতি নহয় বিজেপিৰ; কুইন ওজাৰ মন্তব্য

আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সংখ্যালঘু অধ্যুষিত অঞ্চলত বিজেপিৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যৰে নলবাৰীৰ বৰক্ষেত্ৰী মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হয় ভাৰতীয় জনতা পাৰ্টীৰ নলবাৰী জিলা সংখ্যালঘু মৰ্চাৰ তৃতীয় কাৰ্যনিৰ্বাহক সভা (Third Executive Meeting of BJP) । উক্ত সভাত উপস্থিত থাকি গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই কৰিলে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য ।

Third Executive Meeting of BJP Nalbari District Minority Morcha
আগন্তুক লোকসভা নিৰ্বাচনত অসমত BJP য়ে ১২ খন আসন দখল কৰাতো নিশ্চিত

By

Published : Mar 20, 2023, 9:26 AM IST

আগন্তুক লোকসভা নিৰ্বাচনত অসমত BJP য়ে ১২ খন আসন দখল কৰাতো নিশ্চিত

নলবাৰী, ২০ মাৰ্চ: দেওবাৰে নলবাৰীৰ বৰক্ষেত্ৰী মহাবিদ্যালয়ত ভাৰতীয় জনতা পাৰ্টীৰ নলবাৰী জিলা সংখ্যালঘু মৰ্চাৰ (BJP Nalbari District Minority Morcha) উদ্যোগত অনুষ্ঠিত কৰা হয় তৃতীয় কাৰ্যনিৰ্বাহক সভা (Third Executive Meeting of BJP Minority Morcha) । উক্ত কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা (MP Queen Oja) । আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সংখ্যালঘু অধ্যুষিত অঞ্চলত বিজেপিৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে এই কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত কৰা হয় ।

নলবাৰী জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি চবিৰ আহমেদে সভাপতিত্ব কৰা কাৰ্যনিৰ্বাহক সভাখনত স্থানীয় তথা গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাৰ লগতে উপস্থিত থাকে জিএমডিএৰ অধ্যক্ষ নাৰায়ণ ডেকা (GMDA chairman Narayan Deka) । লগতে উপস্থিত থাকে নলবাৰী জিলা সংখ্যালঘু মৰ্চাৰ বিষয়ববীয়াসকল । উক্ত কাৰ্যনিৰ্বাহক সভাৰ শেষত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত সাংসদ কুইন ওজাই আগবঢ়াই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য ।

আগন্তুক লোকসভা নিৰ্বাচনত (Lok Sabha election 2024) অসমত বিজেপিয়ে ১২ খন আসন দখল কৰাতো নিশ্চিত বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে । আনহাতে বিৰোধী দলসমূহ একত্ৰিত হৈ আগন্তক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সন্দৰ্ভত সাংসদ কুইন ওজাই কয় যে, বিজেপিয়ে বহুতো উন্নয়নমূলক কাম কৰিছে । কোনো বিৰোধী শক্তিয়ে বিজেপিক পৰাভূত কৰিব নোৱাৰে (MP Queen Oja on Lok Sabha election)।

লগতে তেওঁ কয় যে, আজি সংখ্যালঘুসকলে সুৰক্ষা লাভ কৰিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সকলোকে একত্ৰিত কৰি উন্নয়ণমূলক কাম কৰাৰ প্ৰয়াস কৰিছে BJP চৰকাৰে । সংখ্যালঘু কিশোৰীসকলে শিক্ষাৰ অধিকাৰ লাভ কৰিছে । গৰিয়া মৰীয়া সকলোকে এক স্বীকৃতি দিছে । গতিকে সংখ্যালঘুসকলৰ মৰম BJP য়ে নিশ্চয় লাভ কৰিব বুলি উল্লেখ কৰে । ইয়াত বিৰোধীৰ প্ৰভাৱ কোনো কাৰণতে নপৰে বুলি উল্লেখ কৰে সাংসদ কুইন ওজাই (BJP MP queen Oja slams oppositions) ।

তেওঁ লগতে কয় যে, বিৰোধী দলবোৰ একত্ৰিত হৈছে যদিও বিজেপিৰ একো ক্ষতি কৰিব নোৱাৰে । আগন্তুক লোকসভা নিৰ্বাচনত অসমত বিজেপিয়ে ১২ খন আসন দখল কৰাতো নিশ্চিত বুলি কয় সাংসদ কুইন ওজাই । ইফালে লোকসভাৰ ১৪ খন আসনেই কংগ্ৰেছৰ লক্ষ্য বুলি কোৱা সন্দৰ্ভত সাংসদ কুইন ওজাই কয় যে, কংগ্ৰেছে কি কৰি আছে সেয়া সকলোৱে দেখিছে । গতিকে কংগ্ৰেছৰ কথা নোকোৱাই ভাল ।

লগতে পঢ়ক:AASU protest : নামৰূপ সাৰ কাৰখানা ব্যক্তিগতকৰণৰ সিদ্ধান্ত কোনোপধ্যেই মানি লোৱা নহয়

ABOUT THE AUTHOR

...view details