অসম

assam

By

Published : Sep 6, 2022, 3:39 PM IST

ETV Bharat / state

গা ধুবলৈ গৈ দেৱালয়ৰ পুখুৰীত নিখোজ লুইতপৰীয়া থিয়েটাৰৰ নৃত্যশিল্পী

নলবাৰীৰ বালিলেছা কালী দেৱালয়ৰ(Balilesha Kali Mandir) পুখুৰীত গা ধুবলৈ গৈ নিখোজ থিয়েটাৰৰ নৃত্য শিল্পী (Theatre artist missing in Nalbari)। নিখোজ শিল্পীগৰাকী লুইতপৰীয়া থিয়েটাৰৰ নৃত্যশিল্পী কণ দাস (২৬) ৷ শিল্পীগৰাকীৰ ঘৰ বজালী জিলাৰ সৰুপেটাত ৷

Theatre artist missing in Nalbari
গা ধুবলৈ গৈ দেৱালয়ৰ পুখুৰীত নিখোজ লুইতপৰীয়া থিয়েটাৰৰ নৃত্যশিল্পী

নলবাৰী, ৬ ছেপ্টেম্বৰ: নলবাৰীৰ বালিলেচা কালী দেৱালয়ত(Balilesha Kali Mandir) সংঘটিত হৈছে এক অঘটন । দেৱালয়ৰ পুখুৰীত গা ধুৱলৈ গৈ নিখোজ হ’ল এজন শিল্পী (Theatre artist missing in Nalbari)৷ নিখোজ হৈ থকা শিল্পীগৰাকী থিয়েটাৰৰ নৃত্যশিল্পী তথা বজালী জিলাৰ সৰুপেটাৰ কণ দাস (২৬) বুলি জানিব পৰা গৈছে ।

গা ধুবলৈ গৈ দেৱালয়ৰ পুখুৰীত নিখোজ লুইতপৰীয়া থিয়েটাৰৰ নৃত্যশিল্পী

উল্লেখযোগ্য যে নলবাৰীৰ বালিলেছাত চলি আছিল নাট্যগোষ্ঠী লুইতপৰীয়া থিয়েটাৰৰ(Luitporia Theatre) নাট প্ৰদৰ্শন । মঙলবাৰে পুৱা গা ধুবলৈ বুলি কালী মন্দিৰ প্ৰাংগণত থকা পুখুৰীত গা ধুবলৈ নামিছিল লগৰ সহকৰ্মীৰ সহিতে কণ দাসে । স্থানীয় লোকৰ মন্তব্য অনুসৰি পুখুৰীত গা ধুই থাকোতেই সংঘটিত হয় এই কৰুণ ঘটনাটো ।

পূৰ্বেও কালী দেৱালয়ৰ উক্ত পুখুৰীটোত লোক নিখোজ হোৱাৰ ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে স্থানীয় লোকে ৷ বৰ্তমান নলবাৰী আৰক্ষী আৰু এছ ডি আৰ এফৰ লোক উপস্থিত হৈ নিখোজ যুৱ শিল্পীজনৰ সন্ধানত অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান (SDRF mission in Nalbari)।

লগতে পঢ়ক:শিক্ষক দিৱসৰ দিনাই নগাঁও মহাবিদ্যালয়ত গুৰুজনাৰ সৃষ্টিক চৰম অপমান

ABOUT THE AUTHOR

...view details