অসম

assam

ETV Bharat / state

অসমত হিন্দুৰ ভৱিষ্যত ভয়াৱহঃহিন্দু সুৰক্ষা সেনা

অসমত হিন্দু সুৰক্ষিত নহৈ বুলি কৈ বিগত সময়চোৱাত হাজোত সনাতন ডেকা আৰু গুৱাহাটীত ঋতুপৰ্ণ পেগুৰ লগতে কেইবাগৰাকীও লোকৰ হত্যাকাণ্ডৰ ঘটনাই ইয়াৰ প্ৰমাণ কৰিছে বুলি উল্লেখ কৰে ৷ ইয়াৰ উপৰি দোষীক কঠোৰ শাস্তি দিবৰ বাবে চৰকাৰক দাবী জনায় হিন্দু সুৰক্ষা সেনাই ৷

The future of Hindus in Assam is terrible
অসমত হিন্দুৰ ভৱিষ্যত ভয়াৱহঃহিন্দু সুৰক্ষা সেনা

By

Published : Jun 16, 2020, 12:09 AM IST

নলবাৰী, 15জুনঃঅসমত হিন্দুৰ ভৱিষ্যত ভয়াৱহ । এই মন্তব্য কৰিছে হিন্দু সুৰক্ষা সেনাৰ কেন্দ্ৰীয় সভাপতি জয়দেৱ হাজৰিকাই ৷ সোমবাৰে নলবাৰীত এক সংবাদমেলৰ জৰিয়তে এই মন্তব্য আগবঢ়াই সভাপতি গৰাকীয়ে ৷ অসমত হিন্দু সুৰক্ষিত নহয় বুলি কৈ বিগত সময়ছোৱাত হাজোত সনাতন ডেকা আৰু গুৱাহাটীত ঋতুপৰ্ণ পেগুৰ লগতে কেইবাগৰাকীও লোকৰ হত্যাকাণ্ডৰ ঘটনাই ইয়াৰ প্ৰমাণ কৰিছে বুলি উল্লেখ কৰে ৷ ইয়াৰ উপৰি দোষীক কঠোৰ শাস্তি দিবৰ বাবে চৰকাৰক দাবী জনায় হিন্দু সুৰক্ষা সেনাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বায়ক নিৰ্মল চন্দ্ৰ নাথে ৷ আনহাতে, সংগঠনটোৱে অসমত গো হত্যা বিৰোধী আইন প্ৰণয়ন কৰিবলৈও আহ্বান জনায়। ইফালে হিন্দু ক্ৰান্তি দলেও সোমবাৰে এক সংবাদমেল সম্বোধন কৰে ৷ সংগঠনটোৱে অসমত সংঘটিত হৈ থকা হত্যাকাণ্ড সমূহৰ বিৰুদ্ধে সৰৱ হৈ হত্যাৰ লগত জড়িত অভিযুক্তৰ ফাঁচীৰ দাবী কৰে ৷

অসমত হিন্দুৰ ভৱিষ্যত ভয়াৱহঃহিন্দু সুৰক্ষা সেনা

ABOUT THE AUTHOR

...view details