নিউজ ডেস্ক,18 অক্টোবৰঃ সমগ্ৰ ৰাজ্যজুৰি চহা ৰাইজে পৰম্পৰাগত ৰীতি-নীতিৰে শুক্ৰবাৰে কঙালী বিহু পালন কৰে ৷ সমগ্ৰ ৰাজ্যৰ লগতে আজি দৰঙ জিলাৰ দলগাঁৱৰ ঢেকেৰীগাঁৱৰ জীয়ৰী বোৱাৰী লগতে আইতাসকলে অসমীয়াৰ বাপতিসাহোন কাতি বিহুটি পালন কৰে ৷ পৰম্পৰাগতভাৱে সাজ-পোছাক পৰিধান কৰি প্ৰতিবছৰৰ দৰে এইবাৰো অঞ্চলটোৰ সকলো ৰাইজে পথাৰত চাকি জ্বলাই নাম কীৰ্তন গাই পথাৰত লখিমীৰ মঙ্গল কামনা কৰে ।
ধেমাজি জিলাতো কাতি বিহুত পথাৰৰ পৰিৱৰ্তে মুকলি আকাশৰ তলত শাৰী শাৰীকৈ জ্বলি উঠিল আকাশ বন্তি ৷ ধেমাজি জিলা কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত দিনোযোৰা কাৰ্য্যসূচীৰে ধেমাজিৰ কাছাৰী ময়দানত প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে কাতি বিহু পালন কৰা হয় ৷ দিনৰ ভাগত কণ কণ শিশু সকলৰ মাজত বক্তৃতাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ পিছত আৰু এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে সন্ধিয়া তুলসী তলত চাকি বন্তি জ্বলোৱা লগতেই জিলাখনৰ বিশিষ্ট ব্যক্তিৰ দ্বাৰা আকাশ বন্তি জ্বলোৱা হয় ৷ পৰম্পৰা অনুসৰি আকাশ বন্তি জ্বলোৱাৰ লগতে ঔটেঙা বাকলিৰে প্ৰস্তুত কৰা চাকিও জ্বলাই কাতি বিহুৰ পৰম্পৰা সম্পৰ্কত বিশিষ্ট ব্যক্তিসকলে আলোকপাত কৰে ৷
অসমীয়া তিনিটি বিহুৰ অন্যতম কাতি বিহু আজি সমগ্ৰ ৰাজ্যৰ লগতে কাকপথাৰতো পালন কৰা হয় ৷ কাকপথাৰ তিনিআলিৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে প্ৰত্যেক বছৰৰ দৰে এইবছৰো অসমীয়া সমাজৰ সম্পূৰ্ণ নীতি-নিয়মেৰে বিহুটি পালন কৰে ৷ স্থানীয় মহিলাসকলে সন্ধিয়া পথাৰত সেউজী ধাননিৰ তলত চাকি জ্বলাই পোক-পতঙ্গ আঁতৰ হোৱা কামনা কৰাৰ লগতে ধানৰ শইচৰ উৎপাদন বাবে প্ৰাৰ্থনা কৰে ৷