অসম

assam

By

Published : Oct 21, 2020, 7:21 PM IST

ETV Bharat / state

বিজেপিয়ে আগফালে 100 টকা দি পিছফালেৰে 1000 টকা পকেট মাৰেঃ ৰিপুন বৰা

নলবাৰীত কংগ্ৰেছৰ যোগদান সভা ৷ সভাত উপস্থিত ৰিপুন বৰা ৷ বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা নেতা গৰাকীৰ ৷

The BJP will give Rs 100 in the front and Rs 1,000 in the back, Ripun Bora said
নলবাৰীত কংগ্ৰেছৰ যোগদান সভা

নলবাৰী, 21 অক্টোবৰ : সমাগত নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰায় সমূহ ৰাজনৈতিক দলে নিজৰ দলীয় স্থিতি সবল কৰাৰ উদ্দেশ্যে প্ৰস্তুতি আৰম্ভ কৰিছে ৷ ইতিমধ্যে, কংগ্ৰেছ-বিজেপিত নেতাকৰ্মীৰ যোগদান অব্যাহত আছে ৷

বুধবাৰে পুনৰ নলবাৰীত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী অব্যাহত আছে ৷ কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ জিলাখনৰ বহুতো লোক কংগ্ৰেছ দলত যোগদান কৰে ৷ বুধবাৰৰ কাৰ্যসূচীত উপস্থিত থাকি ৰিপুণ বৰাই কয় যে, দেশৰ সম্পত্তি বিক্ৰী কৰি দেশ চলোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী দেশৰ সকলোতকৈ বিফল প্ৰধানমন্ত্ৰী। লগতে বিজেপি চৰকাৰে আগফালে 100 টকা দি পিছফালেৰে 1000 টকা পকেট মাৰে বুলিও ৰিপুণ বৰাই কটাক্ষ কৰে ।

ৰিপুণ বৰাৰ মন্তব্য

লগতে পঢ়ক :কোকৰাঝাৰত বোৱাৰীক ঘৰৰ পৰা উলিয়াই দিলে শহুৰ-শাহুয়েকে

আনহাতে, কংগ্ৰেছৰ চৰকাৰ আহিলে এবছৰৰ ভিতৰতে90 হাজাৰ যুৱক-যুৱতীক চাকৰি প্ৰদান কৰিব বুলি ঘোষণা কৰাৰ লগতে প্ৰতিটো পৰিয়ালত এজনকৈ চাকৰি দিয়া হ'ব বুলিও ঘোষণা কৰে ৰিপুণ বৰাই । একেদৰে আশাকৰ্মীৰ সংখ্যা দুগুন বৃদ্ধি কৰা, মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ চাকৰি নিয়মীয়া কৰিব বুলি কোৱা প্ৰতিশ্ৰুতি সমূহ পূৰণ নকৰাৰ বাবে বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে নেতা গৰাকীয়ে । একেদৰেSI নিযুক্তি কেলেংকাৰী সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে কংগ্ৰেছ নেতা গৰাকীয়ে ৷

ৰিপুণ বৰাৰ মন্তব্য

উল্লেখযোগ্য যে, নলবাৰীত অনুস্থিত বৃহৎ যোগদান কাৰ্যসূচীত নলবাৰী অগপৰ উপ-সভাপতি তথা নলবাৰী বাৰ কাউন্সিলৰ সভাপতি তাইজ উদ্দিন আহমেদে কংগ্ৰেছত যোগদান কৰে । একেদৰে নলবাৰীত অগপ-বিজেপি, হিন্দু জাগৰণ মঞ্চ ত্যাগ কৰি 400 লোকে যোগদান কৰিলে কংগ্ৰেছত । ইপিনে, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ভূমিধৰ বৰ্মনে বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

লগতে পঢ়ক :কংগ্ৰেছৰ মিত্ৰজোঁট সন্দৰ্ভত বিধায়ক ৰকিবুল হুছেইনৰ মন্তব্য

ABOUT THE AUTHOR

...view details