নলবাৰী, 12 জুন : কৰ’ণাৰ কৰাল গ্ৰাসত পৰি আন সমূহ ব্যৱসায় বাণিজ্যৰ সমান্তৰালকৈ টেণ্ট ব্যৱসায়ীসকলৰ মাজতো সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ ৷ ক'ভিড সৃষ্ট পৰিৱেশত বিভিন্ন মাংগলিক অনুষ্ঠানকে ধৰি বিয়া-সবাহ, উৎসৱ-পাৰ্বণ, পূজা-পাতল আদি বন্ধ হৈ পৰাত উপাৰ্জনৰ পথ বন্ধ হৈ পৰিছে টেণ্ট ব্যৱসায়ীসকলৰ ৷ বিগত দুটা বছৰে মাংগলিক অনুষ্ঠানকে ধৰি বিয়া-সবাহ, উৎসৱ-পাৰ্বণসমূহ প্ৰায় বন্ধ হৈ পৰাত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে নলবাৰীৰ প্ৰায় 420 খন টেণ্ট হাউচৰ মালিকৰ ৷ উপাৰ্জনৰ একমাত্ৰ পথটো বন্ধ হৈ পৰাত এতিয়া চৰকাৰলৈ সহায়ৰ আহ্বান জনাইছে নলবাৰী জিলা টেণ্ট ব্যৱসায়ী সন্থাই ৷
উল্লেখ্য যে, নলবাৰী জিলাৰ প্ৰায় 420 খন টেণ্ট হাউচত প্ৰায় 5 হাজাৰটা পৰিয়ালৰ কৰ্মী নিয়োজিত হৈ আছে ৷ সকলোবোৰ বন্ধ হৈ পৰাৰ বাবে পৰাৰ বাবে এতিয়া এই পৰিয়ালসমূহলৈও নামি আহিছে দুৰ্যোগ ৷ ইফালে টেণ্ট আৰু ডেকৰেচনৰ সামগ্ৰীসমূহ বাঁহ, কাঠ, টিং, কাপোৰ আৰু বৈদ্যুতিক সামগ্ৰীসমূহ অব্যৱহৃত হৈ পৰি থকাৰ বাবে বিভিন্ন সামগ্ৰী নষ্ট হ’বলৈ ধৰিছে ৷