নলবাৰী, 12 জানুৱাৰী:নলবাৰীৰ শুশ্ৰূষা হাস্পতালত (Nalbari Sushrusa Hospital) বুধবাৰে নিশা এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি হাস্পতাল চৌহদত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় ৷ ইয়াৰ পাছতে হাস্পতালখন বন্ধি কৰি দিবলৈ দাবী জনাই ক্ষোভিত আত্মীয়ই কলে এইদৰে, "আমি হাস্পতাললৈ লৈ অহালৈ মানুহজনে নিজেই খোজ কাঢ়িয়েই আহিছিল ৷ তেওঁ বেজী নলও বুলি কোৱাৰ পিছতো তেওঁক জোৰ জবৰদস্তি বেজী দিলে ৷ বেজী দিয়েই সিহঁতে মানুহটো মাৰি পেলালে ৷ আমি হাজিৰা কৰি খোৱা মানুহ ৷ আমাৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি ? কেৱল ধনী মানুহৰহে জীয়াই থকাৰ অধিকাৰ আছে নেকি ? ধনৰ লোভত এই ঘটনা ঘটালে " ৷
ঘটনাৰ বিৱৰণি অনুসৰি, নলবাৰী জিলাৰ বৰআগ্ৰা গাঁৱৰ সৰ্বেশ্বৰ কলিতা নামৰ এজন যুৱকে বহুকেইটা ৰোগত আক্ৰান্ত হৈ থকাৰ কথা জানিব পাৰি বুধবাৰে সন্ধিয়াৰ ভাগত পৰিয়ালৰ লোকে ভৰ্তি কৰাইছিল শুশ্ৰূষা হাস্পতালত (Wrong treatment at Sushrusa Hospital)৷ চিকিৎসালয় কতৃপক্ষই চিকিৎসা আৰম্ভ কৰাৰ পিছতে ৰুগীয়া যুৱকজনৰ অৱস্থা অধিক শোচনীয় পৰে ৷ লগে লগে যুৱকজনক গুৱাহাটীলৈ ৰেফাৰ কৰে হাস্পতাল কৰ্তৃপক্ষই ৷
কিন্তু পৰিয়ালৰ লোকৰ আৰ্থিক অৱস্থা সুচল নোহোৱাত তেওঁলোকে গুৱাহাটীলৈ নিবলৈ অলপ থমকি চিন্তাত পৰে (One Death at Sushrusha Hospital ) ৷ কিন্তু পৰিয়ালৰ লোকে গুৱাহাটী নিবলৈ নাপাওঁতেই চিকিৎসালয়খনতে যুৱকজনৰ মৃত্যু হোৱাত হাহাকাৰ লাগে পৰিয়ালটোৰ মাজত । যুৱকজনৰ এই মৃত্যুক সহজভাৱে মানি লব নোৱাৰাৰ লগতে চিকিৎসকৰ ভুল চিকিৎসাৰ বাবেই যুৱকজনৰ মৃত্যু ঘটাৰ অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে ৷ পৰিয়াল আৰু আত্মীয় লোকসকলে ন্যায় বিচাৰি জবাবদিহি কৰে চিকিৎসালয় কৰ্তৃপক্ষক ।