নলবাৰী, 22 ডিচেম্বৰ: এগৰাকী আশাকৰ্মীয়ে চাকৰিত যোগদান কৰাক লৈ বুধবাৰে নলবাৰীৰ দলবাৰীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ উত্তেজিত লোকসকলে কৰ্তব্যৰত অৱস্থাত থকা কৰ্মীগৰাকীক স্বাস্থ্যকেন্দ্ৰৰ পৰা বাহিৰ কৰি দিয়ে ৷ হত্যাৰ অভিযোগত কাৰাবাস খটা স্বাস্থ্যকৰ্মীগৰাকীৰ হাতেৰে টীকা নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ স্থানীয় ৰাইজৰ ৷
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দলবাৰী কনিহা গাঁৱৰ এগৰাকী আশাকৰ্মীক প্ৰায় ৫ মাহৰ আগত স্বামীক কুঠাৰেৰে ঘপিয়াই হত্যা কৰাৰ অভিযোগত জেললৈ প্ৰেৰণ কৰা হৈছিল । কিছুদিন পিছত জেলৰ পৰা ওলাই আহি পুণৰ আশাকৰ্মী হিচাপে যোগদান কৰে মহিলাগৰাকীয়ে । হত্যাৰ অভিযোগত অভিযুক্ত মহিলাগৰাকী কাৰাগাৰৰ পৰা ওলাই আহি চাকৰিত পুনৰ যোগদান কৰাক লৈ বুধবাৰে দলবাৰী কনিহাৰ খাতিকুছি উপ-স্বাস্থ্য কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে সহস্ৰাধিক মহিলাই (Tense situation at Khatikuchi Sub Center) ৷