অসম

assam

By

Published : Jul 24, 2021, 7:59 AM IST

ETV Bharat / state

নলবাৰীত ক'ভিড ভেকচিন চেণ্টাৰত উত্তপ্ত পৰিস্থিতি

নলবাৰী ছোৱালী হাইস্কুলৰ ভেকচিন চেণ্টাৰত শুকুৰবাৰে সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতি ৷ একাংশ নীতি-নিয়ম নমনা লোকৰ বাবেই এই পৰিস্থিতি সৃষ্টি হোৱাৰ অভিযোগ ৰাইজৰ ৷

tens-situation-in-a-vaccine-center-at-nalbari
নলবাৰীত ক'ভিড ভেকচিন চেণ্টাৰত উত্তপ্ত পৰিস্থিতি

নলবাৰী, 24 জুলাই : ভেকচিন প্ৰদানত অনিয়ম সংঘটিত হোৱাৰ অভিযোগত শুকুৰবাৰে নলবাৰীৰ মাজমজিয়াস্থিত ছোৱালী হাইস্কুল ভেকচিন চেণ্টাৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ একাংশই অভিযোগ উত্থাপন কৰিছে যে, বৃহস্পতিবাৰৰ পুৱতি নিশাৰে পৰা দীঘলীয়া শাৰী পাতি বহুতো লোকে ভোকে-পিয়াহে থিয় হৈ আছিল যাতে, সোনকালে ভেকচিন লৈ নিজৰ কামে-কাজে ওলাই যাব পাৰে ৷ কিন্তু একাংশ বাহিৰা মানুহ আহি কোনো ধৰণৰ শাৰী নপতাকৈয়ে তথা কোনো নিয়ম নমনাকৈ কেন্দ্ৰৰ ভিতৰলৈ গৈ ভেকচিন গ্ৰহণ কৰি কৰে ৷ তাৰ কিছুসময় পিছতে স্বাস্থ্যকৰ্মীসকলে ভেকচিন শেষ বুলি ঘোষণা কৰাত কেন্দ্ৰটোত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷

নলবাৰীত ক'ভিড ভেকচিন চেণ্টাৰত উত্তপ্ত পৰিস্থিতি

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী, CRPF আৰু জিলা অতিৰিক্ত উপায়ুক্ত উৰ্মী ডেকা উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ উল্লেখ্য যে, জিলাখনৰ ভেকচিন নিয়ন্ত্ৰণ তথা চোৱা-চিতাৰ দায়িত্বত আছে জিলাখনৰ অতিৰিক্ত উপায়ুক্ত উৰ্মী ডেকা ৷ অচিৰেই এইধৰণৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিয়ে অতিৰিক্ত উপায়ুক্তগৰাকীয়ে ৷

অতি লক্ষণীয়ভাৱে অসমৰ বিভিন্ন ভেকচিন প্ৰদান কেন্দ্ৰত সংঘটিত হৈছে এইধৰণৰ ঘটনা ৷ একাংশ নিয়ম নমনা লোকৰ বাবে ফল ভুগিবলগীয়া হৈছে এচাম সহজ-সৰল লোকে ৷ বিষয় সন্দৰ্ভত আৰক্ষী তথা প্ৰশাসনক অধিক কঠোৰ হ’বলৈ আহ্বান জনাইছে ভুক্তভোগীসকলে ৷

লগতে পঢ়কঃধলাৰ সেউজী পামত উপস্থিত মন্ত্ৰী অতুল বৰা

For All Latest Updates

ABOUT THE AUTHOR

...view details