অসম

assam

ETV Bharat / state

25 দিনীয়া অনুসন্ধানৰ অন্তত আৰক্ষীৰ জালত দহটা বেংক ডকাইত - অনুসন্ধান

নলবাৰী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হ'ল অময়াপুৰৰ পাঞ্জাৱ নেশ্বনেল বেংকত সংঘটিত ডকাইতি কাণ্ডৰ মূল অভিযুক্তক ৷ ডকাইতি কাণ্ডৰ লগত জড়িত এই বৃহত গেংটোত ওদালগুড়ি, মুকালমুৱা, বৰপেটাকে ধৰি কেইবাখনো জিলাৰ যুৱক-যুৱতী জড়িত হৈ থকাৰ তথ্য সদৰি কৰিছে আৰক্ষীয়ে ।

ten-bank-robbers-in-the-arrested-by-nalbari-police
25 দিনীয়া অনুসন্ধান আৰক্ষীয়ে জালত দহ বেংক ডকাইত

By

Published : Dec 16, 2020, 9:38 PM IST

নলবাৰী, 16 ডিচেম্বৰ : প্ৰায় 25 দিনৰ অনুসন্ধানৰ অন্তত নলবৰী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হ'ল অময়াপুৰৰ পাঞ্জাৱ নেশ্বনেল বেংকত সংঘটিত ডকাইতি কাণ্ডৰ মূল অভিযুক্তক ৷ উল্লেখ্য যে, 20 নৱেম্বৰ তাৰিখে নলবাৰী অময়াপুৰৰ পাঞ্জাৱ নেশ্বনেল বেংকত সংঘটিত হৈছিল এক ডকাইতি কাণ্ড ৷

আৰক্ষীৰ সুত্ৰই সদৰি কৰা অনুসৰি এই ডকাইতি কাণ্ডৰ লগত জড়িত দহটা ডকাইতক আটক কৰিছে নলবাৰী আৰক্ষীৰ । সমান্তৰালভাৱে ডকাইতি কাণ্ডৰ লগত জড়িত এই বৃহৎ গেংটোত ওদালগুড়ি, মুকালমুৱা, বৰপেটাকে ধৰি কেইবাখনো জিলাৰ যুৱক-যুৱতী জড়িত হৈ থকাৰ তথ্য সদৰি কৰিছে আৰক্ষীয়ে ।

25 দিনীয়া অনুসন্ধান আৰক্ষীয়ে জালত দহ বেংক ডকাইত

ইফালে, নলৱাৰী আৰক্ষীয়ে এক অভিযান চলাই ডকাইত দহটাক আটক কৰাৰ লগতে দুটা পিষ্টল, আঠজাঁই সজীৱ গুলী, দুইলাখ নগদ ধন, দুটা বেগ, আঠটা মোবাইল, এযোৰ জোতা, দুখন চাৰিচকীয়া বাহনৰ লগতে তিনিখন বাইক জব্দ কৰে । অধিক তথ্য সন্ধানত তদন্ত অব্যাগত ৰাখিছে নলবাৰী আৰক্ষীয়ে ৷

লগতে পঢক:কাইলৈ তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন : সাজু প্ৰশাসন

ABOUT THE AUTHOR

...view details