অসম

assam

By

Published : Aug 29, 2019, 2:24 PM IST

ETV Bharat / state

সৰ্বভাৰতীয় পৰ্যায়ত উজলিল নলবাৰীৰ প্ৰিয়ংকা

28 জুলাইৰ পৰা 31 জুলাইলৈ অনুষ্ঠিত 'ইন্টাৰনেচনেল মাল্টি লেংগুৱেজ প্লে ডান্স এণ্ড মিউজিক' কনটেষ্টৰ ৭ তম বাৰ্ষিক মোহন ৰং মহোৎসৱত নলবাৰীৰ জীয়ৰী প্ৰিয়ংকা কলিতাই আঁজুৰি আনিলে তিনিটাকৈ পুৰস্কাৰ‌

সৰ্বভাৰতীয় পৰ্যায়ত উজলিল নলবাৰীৰ প্ৰিয়ংকা

নলবাৰী, 29 আগষ্টঃ সৰ্বভাৰতীয় পৰ্যায়ত উজলিল নলবাৰীৰ কন্যা প্ৰিয়ংকা কলিতা । গোৱাত অনুষ্ঠিত এক অনুষ্ঠানত সন্মান আঁজুৰি আনিলে নলবাৰীৰ কন্যা গৰাকীয়ে ৷ 28 জুলাইৰ পৰা 31 জুলাইলৈ অনুষ্ঠিত 'ইন্টাৰনেচনেল মাল্টি লেংগুৱেজ প্লে ডান্স এণ্ড মিউজিক' কনটেষ্টৰ ৭ তম বাৰ্ষিক মোহন ৰং মহোৎসৱত নলবাৰীৰ জীয়ৰী প্ৰিয়ংকা কলিতাই আজুৰি আনিলে তিনিটাকৈ পুৰস্কাৰ‌ । অসমৰ হৈ প্ৰতিনিধিত্ব কৰা প্ৰিয়ংকা কলিতাই বৰগীতত এককভাবে প্ৰথম , দলীয় বাদ্যযন্ত্ৰতত দ্বিতীয় স্থান আৰু পশ্চিমীয়া সংস্কৃতিত দলীয়ভাৱে প্ৰথম স্থান পাবলৈ সক্ষম হয় ।

সৰ্বভাৰতীয় পৰ্যায়ত উজলিল নলবাৰীৰ প্ৰিয়ংকা

আনহাতে, প্ৰায় 12000 দলে এই প্ৰতিযোগিতাত অংশ লোৱা বুলি প্ৰিয়ংকাই জানিবলৈ দিয়ে । নলবাৰীৰ পৰা সংগীতৰ শিক্ষা গ্ৰহণ কৰি বৰ্তমান গুৱাহাটীস্থিত বাবনী মিউজিক একাডেমিত সংগীতৰ শিক্ষা গ্ৰহণ কৰি আছে প্ৰিয়ংকাই । ইফালে নলবাৰীৰ ঘোহকুছি গাঁৱৰ প্ৰিয়ংকা কলিতাৰ পিতৃ দ্বিজেন কলিতা দিন হাজিৰা কৰাৰ বাবেই বিভিন্ন সময়ত আৰ্থিক অনাটনৰ মাজেৰে পাৰ কৰিব লাগে প্ৰতিভাৱান শিল্পী গৰাকীয়ে ।

ABOUT THE AUTHOR

...view details